NORTHEAST NOW (Assamese)
অসম

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত সাংবাদিক ৰবিউল হক

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা September 5, 2019 7:44 am
Rabiul Haque

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সাংবাদিক তথা কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হকক ৰাজ্যিক সামাজিক ন্যায় আয়োগে ২০১৯ বৰ্ষৰ শ্ৰেষ্ট সমাজকৰ্মী বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।

বুধবাৰে সংস্থটোৱে এখন পত্ৰযোগে এই কথা জনায় কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতিগৰাকীক।

আগন্তুক ২ অক্টোবৰত গান্ধীজয়ন্তী দিৱসৰ সৈতে সংগতি ৰাখি সংস্থাটোৱে গুৱাহাটীত আয়োজন কৰিবলগীয়া এখন সভাত চৈয়দ ৰবিউল হকক ২০১৯ বৰ্ষৰ ‘মহাত্মা গান্ধী ৰাষ্ট্ৰীয়’ বঁটাটি আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব।

উল্লেখযোগ্য যে, সাংবাদিক হকে ইয়াৰ পূৰ্বে বিভিন্ন ক্ষেত্ৰত কেইবাটাও বঁটা লাভ কৰিছে।

“মহাত্মা গান্ধী ৰাষ্ট্ৰীয়’ বঁটাৰ বাবে নিৰ্বাচিত হোৱা সাংবাদিক চৈয়দ ৰবিউল হকক কৃষ্ণাই প্ৰেছ ক্লাৱৰ তৰফৰ পৰা  আদৰণি জনোৱা হয়৷

ৰবিউল হকে দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থাকি বৃহত্তৰ গোৱালপাৰা জিলাৰ বিভিন্ন সমস্যাৰাজি সংবাদ মাধ্যমৰ আগত তুলি ধৰাৰ লগতে সামাজিক উৎকৰ্ষ সাধনৰ বাবে কাম কৰি আহিছে।