NORTHEAST NOW (Assamese)
অসম

সুখবৰ : চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 5, 2019 8:17 pm

চাহ শ্ৰমিক সকৰ বাবে এক সুখবৰ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ বাগিচা সমূহৰ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে যোৱা কেইবাবছৰো ধৰি পূজাৰ সময়ত ২০ শতাংশ বোনাচ লাভ কৰি অহা ৰাজ্যৰ চাহ শ্ৰমিক সকলক এইবাৰ লোকচানৰ দোহাই দি বাগিচা কৰ্তৃপক্ষসকলে  ৮.৩৩ শতাংশ বোনাচ দিব বুলি উল্লেখ কৰিছিল।

ফলত ৰাজ্যৰ চাহ শ্ৰমিকসকলকে ধৰি বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছিল আৰু ইয়াৰ বিৰোধিতা কৰিছিল। আনকি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাকে ধৰি বাগিচা শ্ৰমিকসকলে চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছিল।

কিন্তু আজি মুখ্য মন্ত্ৰী সৰ্বান্দ সোণোৱালৰ নিৰ্দেশত ৰাজ্য চৰকাৰে ২০ শতাংশ চাহ শ্ৰমিকক বোনাচ প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই চাহ শ্ৰমিকসকলৈ এক সুখবৰ কঢ়িয়াই আনিছে।