NORTHEAST NOW (Assamese)
অসম

২-১ত বিজয়ী ওমান, পৰ্য্যাপ্ত নহ’ল ভাৰতীয় অধিনায়ক সুনীল ছেত্ৰীৰ একমাত্ৰ গ’ল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2019 8:38 pm
India leads Oman 1-0 in the World Cup 2022 qualifier in Guwahati

গুৱাহাটীত চলি থকা ফিফা ২০২২ বিশ্বকাপ যোগ্যতা নিৰ্ণয়কাৰী খেলখনত ওমানে বিজয় সাব্যস্ত কৰিছে।

খেলখনৰ প্ৰথমাৰ্ধত ভাৰত ওমানতকৈ ১-০ গ’লত আগবাঢ়ি আছিল যদিও দ্বিতীয়াৰ্ধত পিছ পৰে আয়োজক দল।

খেলখনৰ ২৪ মিনিটত ছেত্ৰীয়ে ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিছিল, কিন্তু দ্বিতীয়াৰ্ধত দুটাকৈ গ’লেৰে খেলখন ভাৰতৰ পৰা কাঢ়ি নিয়ে আলহী দলটোৱে।

ছেত্ৰীৰ কেৰিয়াৰৰ এইটো আছিল ৭২সংখ্যক গ’ল।

দুয়ো দলৰ মাজৰ অন্তিমখন খেল গ’লশূন্যভাৱে ড্ৰ হৈছিল।

২০২২ বিশ্বকাপ ফুটবলৰ লগতে ’২৩ৰ এ এফ চি এছিয়ান কাপৰ বাবেও এই খেলখনে যোগ্যতা নিৰ্ণয়কাৰী ৰূপে কাম কৰিব।