NORTHEAST NOW (Assamese)
Popular Stories

নাগালেণ্ড নিৰ্বাচনৰ গেজেট অধিসূচনা জাৰি কৰিলে মুখ্য সচিবে

Posted by: এন ই নাও নিউজ January 31, 2018 7:40 pm
nagaland

নাগা জাতীয় সংগঠনসমূহৰ ভাবুকি সত্বেও আজি ৰাজ্যখনৰ মুখ্য সচিবে  ২৭ ফেব্ৰুৱাৰিত হ’ব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে গেজেট অধিসূচনা জাৰি কৰিছে।

উল্লেখযোগ্য যে নাগা হোহো আৰু নাগা নাগৰিক সংগঠন (Core Committee of Nagaland Tribal Hohos and Civil Organisations) সমূহে ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰিলে ১ ফেব্ৰুৱাৰিত নাগালেণ্ড বন্ধৰ ভাবুকি দিছিল।

মুখ্য সচিবৰ নিৰ্দেশত কোৱা হৈছে যে জনপ্ৰতিনিধিত্ব আইনৰ ১৫ ধাৰাৰ ২ উপ ধাৰাৰ অধীনত ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰামৰ্শ অনুসৰি নাগালেণ্ডৰ ৰাজ্যপালে ৰাজ্যৰ সকলো সমষ্টিকে বিধায়ক নিৰ্বাচনৰ বাবে আহ্বান জনাইছে।

নাগালেণ্ডৰ ৰাজ্যপালৰ নাম আৰু নিৰ্দেশত মুখ্য সচিবে এই অধিসূচনা জাৰি কৰিছে।

ইফালে নাগালেণ্ডৰ শ্বাসৰুদ্ধকৰ ৰাজনৈতিক পৰিস্থিতি এতিয়াও অব্যাহত আছে।

নাগা সমূহীয়া জীৱনৰ সৰ্বোচ্চ জাতীয় সংগঠন নাগা  হোহোকে ধৰি  বিভিন্ন নাগা সংগঠনে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুত নাগা চুক্তি নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰাৰ বাবে ‘Solution before Election’ আহ্বান দিছিল।

এই আহ্বানৰ পিছতে ৰাজ্যখনত থকা ৰাজ্যিক আৰু সৰ্বভাৰতীয় সকলো ৰাজনৈতিক দলে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈ এক যৌথ ঘোষণাপত্ৰত চহী কৰিছিল।

আনহাতে বিজেপিয়ে ঘোষণাপত্ৰত চহী কৰা বাবে ৰাজ্যখনৰ দুজন নেতাক কালি বহিষ্কাৰ কৰাৰ পিছত ৰাজ্যখনত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি আজি ঘোষণা কৰিছে।

সমগ্ৰ নাগা জাতীয় জীৱনক উৎকণ্ঠিত কৰি ৰখা এই ৰাজনৈতিক পৰিস্থিতিৰ মাজতে কালি ‘আমি নিৰ্বাচনৰ বাবে সাজু। নিৰ্বাচন প্ৰক্ৰিয়াত বাধা নিদিবৰ বাবে মই সকলোকে আহ্বান জনাইছো’  বুলি জনাইছিল নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াই।