NORTHEAST NOW (Assamese)
অসম

বিজয় হাজাৰে এদিনীয়া টুৰ্ণামেণ্টৰ বাবে অসম দল ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2019 5:37 pm
renji-tvm-

অহা ২৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া বিজয় হাজাৰে ছিনিয়ৰ এদিনীয়া টুৰ্ণামেণ্টৰ বাবে অসমৰ ১৫ জনীয়া দলটো শনিবাৰে ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এই।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ অধীনত চলিব লগীয়া সন্মানীয় টুৰ্ণামেণ্টখন এইবাৰ ডেৰাডুনত অনুষ্ঠিত হ’ব।

প্ৰথম তিনিখন মেচৰ বাবে ঘোষণা কৰা অসম দলটোত এইবাৰো নতুন মুখৰ বিপৰীতে পূৰ্বৰ ছিনিয়ৰ খেলুৱৈ সকলকে প্ৰাধান্য দিয়া দেখা গৈছে।

ঘোষিত দলটো হ’ল- গকুল শৰ্মা(অধিনায়ক), শিৱশংকৰ ৰয়, ৰাহুল হাজৰিকা, পল্লৱ কুমাৰ দাস, ৰিয়ান পৰাগ, অমিত সিনহা, স্বৰূপম পুৰকায়স্থ, আবু নেচিম আহমেদ, অৰূপ দাস, মৃণ্ময় দত্ত, প্ৰীতম দাস, ৰোচন আলম, অম্লানজ্যোতি দাস, ঋষিকেশ তামুলী আৰু ৱাছিকুৰ ৰহমান।

ইফালে টুৰ্ণামেণ্টখনৰ বাবে ছগৰাকী খেলুৱৈক ষ্টেণ্ডবাইত ৰখা হৈছে। তেওঁলোক হ’ল, অভিলাষ গগৈ, হিৰকজ্যোতি দাস, সুনীল লাচিত, ৰামিজ ৰাব্বানি, পাৰভেজ আজিজ আৰু বিশাল ৰয়।

মন কৰিব লগীয়া যে অসম ক্ৰিকেট সন্থাৰ ভুলৰ বাবে যোৱা ১৮-১৯ বৰ্ষত গোৱাৰ হৈ খেলা বৰপেটাৰ বেগী বলাৰ কৃষ্ণ দাসে এইবাৰো অসমৰ এদিনীয়া দলটোত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।