NORTHEAST NOW (Assamese)
অসম

পুষ্টিহীনতা নিৰ্মূল কৰাৰ লক্ষ্যৰে শিৱসাগৰত পোষণ ৰেলীৰ শুভাৰম্ভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 11, 2019 7:18 am
IMG-20190910-WA0016

সমগ্ৰ দেশতে যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ মাহৰ কাৰ্যসূচীৰ অংশৰূপে মঙলবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা এক বিশাল ৰেলী উলিওৱা হয়।

ফ্লেগ অফ কৰি এই ৰেলীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে।

ৰেলীৰ শুভাৰম্ভ কৰি দিয়া বক্তব্যত উপায়ুক্ত গৰাকীয়ে পোষণ মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

পোষণ ৰেলীৰ দৰে পদক্ষেপৰ লগতে পোষণ মাহৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰি এই অভিযানক জন আন্দোলন ৰূপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

‘আমাৰ সকলোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াসে সমাজৰ পৰা পুষ্টিহীনতা নিৰ্মূল কৰি দেশখন এক শক্তিশালী তথা সবল বুনিয়াদ গঢ়িবলৈ সক্ষম হ’ব’ বুলি উপায়ুক্ত গৰাকীয়ে মতপোষন কৰে।

জিলা সমাজ কল্যান বিভাগক প্ৰমুখ্য কৰি পোষণ অভিযানত জড়িত সংশ্লিষ্ট বিভাগ সমূহৰ প্ৰতিনিধি সকলে এই ৰেলীত অংশগ্ৰহণ কৰে। ৰেলীৰ শুভাৰম্ভ মুহূৰ্তত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী আৰু জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী।