ইণ্ডিয়া অ’পেন বক্সিঙৰ ফাইনেলত এম চি মেৰী কম, এল সৰিতা দেৱী শিৱ থাপাৰ ব্ৰঞ্জ

মণিপুৰৰ বিশ্ব মহিলা চেম্পিয়ন এম চি মেৰী কম আৰু এল সৰিতা দেৱী ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে।
বুধবাৰে অনুষ্ঠিত মহিলাৰ ৪৮ কেজি লাইট ফ্লাইৱেইট শাখাৰ ছেমিফাইনেলত মেৰী কমে মংগোলিয়াৰ আলটান ছেটছেগ লুটছেই কানক ৪-১ ব্যৱধানত পৰাস্ত কৰে। ফাইনেলত তেওঁ ফিলিপাইনছৰ জছি গাবুৰৰ মুখা-মুখি হ’ব।
ছেমিফাইনেলৰ আন এখন খেলত ৬০ কেজি লাইটৱেইট শাখাত সৰিতা দেৱীয়ে ভাৰতৰে প্ৰিয়দা চৌধুৰিক ৪-১ ব্যৱধানত পৰাস্ত কৰে।
আনহাতে অসমৰ শিৱ থাপা ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগা হ’য়। প্ৰতিযোগিতাখনৰ পুৰুষৰ ৬০ কেজি লাইটৱেইট শাখাত থাপা ভাৰতৰে মনীষ কৌশিকৰ হাতত পৰাস্ত হ’য়।
মহিলাৰ আন দুখন খেলত অসমৰ ফাইলাও বসুমতাৰী নেপালৰ পুনম ৰাৱলৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে যমুনা বড়ো ভাৰতৰে মীনা কুমাৰীৰ হাতত পৰাস্ত হ’য়।