NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ এগৰাকী ছাত্ৰীৰ অস্ত্ৰোপচাৰৰ বাবে আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ September 11, 2019 4:37 pm

পূব মাজুলীৰ ২নং কঢ়ালগাঁও নিবাসী প্ৰবিন শ‌ইকীয়াৰ জীয়ৰী, একাদশ শ্ৰেণীৰ ছাত্ৰী লুকুমনি শ‌ইকীয়া দীৰ্ঘদিনৰ পৰা এক দুৰাৰোগ‍্য ৰোগত আক্ৰান্ত হৈ জীৱন মৰনেৰে যুঁজি আছে।

তিনি মাহ ধৰি মগজুৰ প্ৰচণ্ড বিষত থাকিব নোৱাৰি প্ৰথমে যোৰহাট চিকিৎসালয়ত চিকিৎসা কৰাইছিল যদিও ভাল নোহোৱাত পিছত পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই।

আনহাতে গুৱাহাটীৰ চিকিৎসকে ছাত্ৰীগৰাকীৰ মগজুৰ অস্ত্ৰোপচাৰৰ বাবে অসমৰ বাহিৰলৈ নিবলৈ পৰামৰ্শ দিছে যদিও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোয়ে চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যয় গোটাব পৰা নাই। দিনহাজিৰা কৰা পিতৃয়ে সেয়ে এতিয়া অসমৰ ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিছে।

ছাত্ৰী গৰাকীক সহায় কৰাৰ মানসেৰে পূব মাজুলী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী গোট আৰু ছাত্র একতা সভাই এটি দান পাত্ৰত সাহায্য সংগ্ৰহ কৰিছে।

মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ চিকিৎসাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নেতৃত্বত বিদ‍্যালয়ৰ শিক্ষক গোট, ছাত্র-ছাত্ৰীয়ে  ছাত্ৰী গৰাকীৰ চিকিৎসাৰ উদ্দেশ্যে আৰ্থিক সাহায্য প্ৰদান কৰে।

দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া ৰাইজৰ সহায়ৰ প্ৰয়োজন। ছাত্ৰী গৰাকীক কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে পৰিয়ালটোৱে ৮১৩৪৮২১১৯০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।