NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত উদ্বোধন নোহোৱাকৈ পৰিত্যক্ত ৰূপত পৰি আছে ব্যয়বহুল অতিথিশালা

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা September 12, 2019 8:05 am

গোৱালপাৰা জিলাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ সমীপত নিৰ্মাণ কৰা ব্যয়বহুল অতিথিশালাটো বৰ্তমান এলাগী হৈ পৰি আছে।

উল্লেখযোগ্য যে টুক্ৰেশ্বৰী দেৱালয়লৈ নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনেক লোকৰ সমাগম হয়। বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকৰ সুবিধাৰ বাবে দেৱালয়টোৰ সমীপৰ ভীমাজুলীত ৰাজ্যৰ পৰ্যটন বিভাগে ৬ বছৰ পূৰ্বে কেইবা লাখ টকা ব্যয় কৰি এটা অতিথিশালা নিৰ্মাণ কৰিছিল।

আশা কৰা হৈছিল উক্ত অতিথিশালাটোয়ে কৃষ্ণাইৰ লগতে টুক্ৰেশ্বৰী দেৱালয়লৈ অহা পৰ্যটকৰ অসুবিধা দূৰ কৰিব। কিন্তু দুখৰ বিষয় নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা ৬টা বছৰ পাৰ হৈ যোৱাৰ পিছতো অতিথিশালাটো আজি পৰ্যন্ত মুকলি নহ’ল।

নিৰ্মাণৰ ইমান বছৰৰ পিছতো অতিথিশালাটো উদ্বোধন নকৰাকৈ পৰিত্যক্ত ৰূপত পেলাই থোৱা কাৰ্যক অঞ্চলটোৰ ৰাইজে কঠোৰ সমালোচনা কৰে৷ হাবি-জংঘলে আৱৰি থকা অতিথিশালাটোত এতিয়া পৰ্যটকৰ ঠাইত মদাহী, জুৱাৰীৰ আদ্দা বহে বুলি স্থানীয় লোকে অভিযোগ কৰিছে।

পূৰ্বে অতিথিশালাটোৰ চোৱা-চিতাৰ বাবে এজন চকীদাৰ ৰখা হৈছিল যদিও বৰ্তমান ইয়াৰ চোৱা-চিতা বা তদাৰকৰ দায়িত্বত কোনো লোক নাথাকে।

ফলত হাবি-জংঘলে আৱৰি থকা অতিথিশালাটো নষ্ট হ’বলৈ ধৰাৰ লগতে তাত থকা বিভিন্ন সামগ্ৰী চুৰি হোৱাৰো ঘটনা ঘটিছে। সেয়ে ৰাইজে শীঘ্ৰেই পৰ্যটন বিভাগক অতিথিশালা মুকলি কৰাৰ বাবে দাবী জনায়।