NORTHEAST NOW (Assamese)
অসম

মাজুলীত “অসমীয়া নাপিত সন্থা”ৰ আত্মপ্ৰকাশ, খুলিছে ১০১খন চেলুন

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ September 12, 2019 5:47 pm
Assamese barbers association formed in Assam's Majuli

মাজুলীত অসমীয়া যুৱকে খুলিছে ১০১খন চেলুন। গঠন কৰিছে “অসমীয়া নাপিত সন্থা”।

নাপিত বৃত্তিৰ প্ৰতি পৰম্পৰাগত হেয়জ্ঞানৰ অৱসান ঘটাই নদীদ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ তিনিআলি-চাৰিআলিসমূহত এতিয়া দেখা গৈছে “অসমীয়া” ল’ৰাৰ চেলুন।

এশ এখন চেলুনত চুলি কটাত লাগিছে কেইবাশও যুৱক। চলাইছে পৰিয়াল, হৈছে স্বাৱলম্বী।

গড়মূৰৰ দ্বীপেন, অনিল, মদন, মাইনা, গোবিন, বকুল, নৃপেন, পহুমৰাৰ মইনা, দেওদিআতিৰ বিজয়, পতিয়া গাঁৱৰ বিপুল, ফুলনিৰ মহেন্দ্ৰ, ৰতনপুৰৰ সোণকণ, মালাপিন্ধাৰ বাবুল—সকলো এতিয়া ব্যস্ত নিজৰ ব্যৱসায় চলোৱাত।

থলুৱা যুৱকৰ এই উদ্যমৰ প্ৰতি স্থানীয় ৰাইজেও আগবঢ়াইছে উৎসাহী সমৰ্থন।

ৰাতিপুৱাৰে পৰা গ্ৰাহকৰ ভিৰ দেখা গৈছে এই চেলুনসমূহত।