NORTHEAST NOW (Assamese)
অসম

য়ু এছ লাইব্ৰেৰী অফ কংগ্ৰেছে নিৰ্বাচিত কৰিছে সাংবাদিক মৃণাল তালুকদাৰৰ গ্ৰন্থ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2019 2:25 pm
13-1140x570

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ গ্ৰন্থ ‘দ্য প’ষ্ট ক’লনিয়েল আছাম (১৯৪৭-২০১৯)’ ৱাশ্বিংটনৰ য়ু এছ লাইব্ৰেৰী অফ কংগ্ৰেছে নিৰ্বাচিত কৰিছে।

গ্ৰন্থখন তেওঁলোকৰ ৱাশ্বিংটনত থকা বিশাল লাইব্ৰেৰীটোত ভৱিষ্যত দক্ষিণ এছিয়াৰ অধ্যয়নৰ বাবে ৰখা হ’ব।

য়ু এছ লাইব্ৰেৰী অফ কংগ্ৰেছত স্থান পোৱা অসমৰ সমসাময়িক সামজিক পৰিস্থিতিৰ ওপৰত লিখা প্ৰথম গ্ৰন্থ।

‘দ্য প’ষ্ট ক’লনিয়েল আছাম (১৯৪৭-২০১৯)’ গ্ৰন্থখন স্বাধীনোত্তৰ অসম আৰু ইয়াৰ ঘটনা প্ৰৱাহৰ ওপৰত ৰচনা কৰা প্ৰথমখন তথ্যসমৃদ্ধ গ্ৰন্থ যিখন ভাৰতৰ ইতিহাসৰ ব্যতিক্ৰমী দিশটোক তুলি ধৰিছে।

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে প্ৰকাশ কৰা গ্ৰন্থখন অনুষ্টুপীয়াকৈ মুকলি কৰা হৈছে যদিও চলিত বৰ্ষৰ শেহৰ পিনে আনুষ্ঠানিকভাৱে গ্ৰন্থখন উন্মোচন কৰা হ’ব।

গ্ৰন্থখনত স্বাধীনতাৰ পাছৰ অসমৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব (সংশোধনী) বিধেয়কলৈ মুঠতে ১১টা অধ্যায়ত সামৰি লোৱা হৈছে।

স্বাধীনতাৰ পাছৰ অসমৰ ঘটনাপ্ৰৱাহৰ ওপৰত ৰচিত এইখন প্ৰথম আৰু একমাত্ৰ এনেধৰণৰ গ্ৰন্থ।

গ্ৰন্থখনত বহু হিংসাত্মক ঘটনাকে ধৰি বিগত সাতটা দশকৰ সমগ্ৰ পৰিস্থিতিৰ বিষয় সন্নিৱিষ্ট হৈছে।

গ্ৰন্থখনে অসমত বিজেপিৰ উত্থান, আন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰীয়া শাসনকালৰ ঘটাৰাজিকো সামৰি লৈছে।