NORTHEAST NOW (Assamese)
অসম

মাতৃ বাছ কন্ডাক্টৰ; পুত্ৰই ভাৰতক বনালে ১৯ অনুৰ্দ্ধৰ এছিয়া কাপ চেম্পিয়ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2019 11:25 am
19-5_091619084642

ভাৰতীয় দলে ১৯ অনুৰ্দ্ধৰ এছিয়া কাপ ক্ৰিকেটৰ বিজয়ীৰ খিতাপ সপ্তমবাৰৰ বাবে দখল কৰিবলৈ সক্ষম হৈছে।

শনিবাৰে শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ ১৯ অনুৰ্দ্ধৰ দলটোৱে বাংলাদেশৰ ১৯ অনুৰ্দ্ধৰ দলটোক পাঁচ ৰাণত পৰাজিত কৰে।

ভাৰতৰ এই বিজয়ৰ নায়ক হিচাপে পৰিগণিত হৈছে অথৰ্ব অংকোলেকৰ।

ভাৰতৰ ১০৭ ৰাণৰ সামান্য লক্ষ্য অনুসৰণ কৰি বাংলাদেশৰ দলটো ১০১ ৰাণতে স্তব্ধ হৈ পৰে।

মুম্বাইৰ বাঁওহতীয়া স্পীনাৰ অথৰ্বই ৮ অ’ভাৰত ২ টা মেইডেনসহ ২৮ ৰাণৰ বিনিময়ত ৫টা উইকেট দখল কৰে।

অথৰ্ব অংকোলেকৰে প্ৰথমতে বাংলাদেশৰ মিডল অৰ্ডাৰ তচনচ কৰাৰ পাছত ৩৩ সংখ্যক অ’ভাৰত দুটা উইকেট লৈ ভাৰতীয় দলক বিজয়ৰ খিতাপ আনি দিয়ে।

তদুপৰি, অথৰ্বই ৮টা দলৰ মাজত হোৱা এই প্ৰতিযোগিতাখনত ১২ টা উইকেট দখল কৰি শীৰ্ষস্থান লাভ কৰে।

অহা ২৬ ছেপ্টেম্বৰত অৰ্থবই ১৯ বছৰ সম্পূৰ্ণ কৰিব।

19-7_091619085043
এছিয়া কাপৰ নায়ক অথৰ্ব আংকোলেকৰ।

অৰ্থব যেতিয়া ১০ বছৰীয়া আছিল, তেতিয়াই তেওঁৰ পিতৃ বিনোদ অংকোলেকৰৰ পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ মুম্বাইৰ চৰকাৰী বাছসেৱাৰ কন্ডাক্টৰ আছিল।

অথৰ্বৰ পিতৃয়ে তেওঁৰ পুত্ৰ এগৰাকী ক্ৰিকেটাৰ হোৱাটো বিচাৰিছিল। মাতৃ বৈদেহীয়ে তেওঁৰ স্বপ্ন হেৰাই যাবলৈ নিদিলে আৰু দুজন পুত্ৰৰ দায়িত্ব মূৰ পাতি লৈ বাছ কন্ডাক্টৰৰ চাকৰি কৰিবলৈ লয়।

মাতৃৰ সংগ্ৰামৰ পৰিণতিত অথৰ্বই কেৱল নিজৰ দেশক চেম্পিয়ন বনোৱাই নহয়, লগতে পিতৃৰ সপোনো পূৰ্ণ কৰিলে।

এছিয়া কাপৰ চূড়ান্ত খেলখনৰ দিনা অথৰ্বৰ মাতৃ বৈদেহীয়ে ছুটী লৈছিল। ঘৰৰ কেবল টিভিত স্প’ৰ্টছ চেনেল নথকাৰ বাবে তেওঁ শহুৰেকৰ ঘৰখনলৈ যায় আৰু গোটেই দিন পুত্ৰৰ সফলতাৰ কামনাৰে প্ৰাৰ্থনা কৰি কটায়।

তেওঁ কয়, ‘’মই গণপতি বাপ্পাক প্ৰাৰ্থনা কৰি আছিলো যে আজিৰ দিনটো মোৰ পুত্ৰৰ বাবে হওক। যেতিয়া বিজয়ৰ বাবে ১২ ৰাণ বাকী আছিল, তেতিয়া মোৰ আশা আছিল যে অথৰ্বই বলিং লাভ কৰিব, তেওঁ এই অপেক্ষাতে আছে।‘’

অথৰ্বৰ মাকে জানিবলৈ দিয়ে যে অথৰ্বই তেওঁক ফোন কৰি কৈছিল যে শ্ৰীলংকাত খেলি থকা সময়ত খৰচৰ বাবে যি পইচা লাভ কৰে তাৰে ভায়েকৰ কাৰণে জোতা কিনিব।

উল্লেখযোগ্য যে অথৰ্বৰ সৰু ভায়েক বৰ্তমান ১৩ বছৰীয়া পাৰ্থও মুম্বাইৰ ১৪ অনুৰ্দ্ধৰ ক্ৰিকেট দলৰ এগৰাকী সম্ভাৱ্য খেলুৱৈৰ তালিকাত আছে।