NORTHEAST NOW (Assamese)
অসম

ডিমৌত ২০ কেজি ওজনৰ কেক কাটি প্ৰধান মন্ত্ৰীৰ জন্মদিন উদযাপন মুখ্য মন্ত্ৰীৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 18, 2019 7:13 am
IMG-20190918-WA0001

মঙলবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিমৌৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত থাওৰা সমষ্টি ভিত্তিত আয়োজিত তৃতীয় বাৰ্ষিক আন্তঃগাঁও পঞ্চায়ত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ শুভ উদ্বোধন কৰে।

উদ্বোধনৰ পূৰ্বে মুখ্য মন্ত্ৰীয়ে দেশৰ প্ৰধান মন্ত্ৰীৰ জন্মদিন উপলক্ষে ২০ কেজি ওজনৰ বৃহৎ কেক কাটি উদযাপন কৰে। জন্মদিনৰ শুভেচ্ছা জনায় মুখ্য মন্ত্ৰী গৰাকীয়ে নৰেন্দ্ৰ মোদীক বিশ্বৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ প্ৰধান মন্ত্ৰী বুলি অভিহিত কৰে।

উদ্বোধনী ভাষণত মুখ্য মন্ত্ৰীয়ে কয়, ‘খেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী বা যুৱক-যুৱতী সকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সু-স্বাস্থ্যৰ গৰাকী হব পাৰিব। খেল পথাৰত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিলে সমাজ আৰু ৰাষ্ট্ৰৰ সন্মান বৃদ্ধি পায়’।

তেওঁ লগতে কয়, ‘ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আন্তঃ চাহ বাগিছা ফুটবল প্ৰতিযোগীতা, মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৫০০ খন গ্ৰাম্য খেলপথাৰ উন্নতিকৰণ, জাৰ্মানৰ প্ৰশিক্ষকৰ দ্বাৰা ফুটবলৰ প্ৰশিক্ষণ প্ৰদান, গুৱাহাটীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাকে ধৰি বহু পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে’।

আনহাতে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে উঠি অহা নৱ প্ৰজন্মৰ খেলুৱৈক উৎসাহিত কৰিবৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া প্ৰশংসনীয় বুলি মন্তব্য কৰে।

উক্ত উদ্বোধনী অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, সমাজকৰ্মী সুৰভি ৰাজকুমাৰীকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।