NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় পোষণ মাহৰ সমান্তৰালভাৱে চামগুৰিত মহিলা সন্দৰ্ভত সজাগতা সভা

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা September 18, 2019 8:51 am
20190917_123350

চলিত ছেপ্তেম্বৰ মাহক ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ হিচাবে সমগ্ৰ দেশতে পালন কৰি অহাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ চামগুৰিত মহিলাৰ পুষ্টি, যৌন সমস্যা আৰু স্বচ্চতাৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত ব্যাপক ৰূপত বিভিন্ন অঞ্চলত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে।

মঙলবাৰে বিয়লি চামগুৰিৰ কাৱৈমাৰি চৰকাৰী চিকিৎসালয়ত ‘ভল’ণ্টিয়েৰ হেল্থ এচছিয়েশ্যন’ আৰু ‘আই পাছ’ নামৰ দুটা স্বেচ্ছাসেৱী সংগঠনে যুটীয়াভাৱে যুৱতী আৰু মহিলা সকলৰ সম্পূৰ্ণ পুষ্টিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অঞ্চলটোৰ একাংশ স্থানীয় মহিলা, ছাত্ৰ-ছাত্ৰী, আশা কৰ্মী তথা অংগনাবাড়ী কৰ্মীৰ সৈতে এখন বিশেষ আলোচনা চক্ৰত মিলিত হয়।

আলোচনা চক্ৰ খনৰ জৰিয়তে ছাত্ৰী, কিশোৰী, যুৱতী সকলৰ স্বাস্থ্যজনিত বহুবোৰ সমস্যা তথা প্ৰসূতি মহিলাৰ পুষ্টি অথবা বিভিন্ন যৌন সমস্যাৰ লগতে স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন সমাধানৰ প্ৰদানৰ জৰিয়তে সজাগতা বৃদ্ধিৰ চেষ্টা কৰাৰ প্ৰয়াস কৰা দেখা যায়।

গ্ৰাম্যাঞ্চলৰ কোনো মহিলা বা যুৱতীয়ে যদি এনে ধৰণৰ সমস্যাৰ বাবে সহায় বিচাৰে তেতিয়া দুয়োটা সংগঠনে সকলো প্ৰকাৰৰ সহায় সহযোগ কৰিব বুলিও আলোচনা চক্ৰটোৰ জৰিয়তে উল্লেখ কৰে।

ইফালে এনে ধৰণৰ সজাগতা মূলক আলোচনা চক্ৰই গ্ৰাম্যাঞ্চলৰ কিশোৰী, যুৱতী মহিলা সকলৰ স্বাস্থ্য নিৰোগী তথা ৰোগ প্ৰতিৰোধী কৰি ৰখাত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশাবাদী ভল’ণ্টিয়েৰ হেল্থ এচছিয়েশ্যনৰ ৰাজশ্ৰী শইকীয়া নামৰ উদ্যোক্তা গৰাকী।