NORTHEAST NOW (Assamese)
অসম

মৃত্যুৰ সৈতে যুঁজি থকা টে’ট শিক্ষকৰ সহায়ৰ বাবে ৰাইজলৈ পৰিয়ালৰ কাতৰ আহ্বান

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 18, 2019 9:26 pm

ছয়দুৱাৰ ব্লকৰ অন্তগত চাকু মাকু প্ৰাথমিক বিদ্যালয়ৰ টে’ট শিক্ষক ললিত শৰ্মা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান মহানগৰীৰ জি এন আৰ চিত চিকিত্সাধীন হৈ আছে।

ক’মাত থকা শিক্ষকগৰাকীৰ চিকিৎসা প্ৰক্ৰিয়া যথেষ্ট দীঘলীয়া হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। লগতে চিকিৎসকে টে’ট শিক্ষক গৰাকীৰ চিকিৎসাৰ বাবদ আনুমানিক ২৫ লাখৰো অধিক টকা খৰচ হ’ব বুলি পৰিয়ালৰ লোকক অৱগত কৰে।

উল্লেখ্যযোগ্য যে দৈনিক ভেন্টিলেছনত ৰখাৰ লগতে চিকিৎসাৰ যাৱতীয় খৰছৰ বাবদ শিক্ষকগৰাকীৰ পৰিয়ালবৰ্গই দৈনিক প্ৰায় ৩০ হাজাৰকৈ ব্যয় কৰিবলগীয়া হৈছে।

ইতিমধ্যে টে’ট শিক্ষকগৰাকীৰ সতীৰ্থ শিক্ষক-শিক্ষয়ত্ৰীসকলে ১ লাখ টকাৰ অনুদান তেওঁৰ চিকিৎসাৰ বাবে আগবঢ়াইছে। আনহাতে আন এটা অনুষ্ঠানেও তেওঁৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকা সংগ্ৰহ কৰিছে। কিন্তু এই ধন শিক্ষকগৰাকীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয়।

সেয়েহে চিকিৎসাধীন টে’ট শিক্ষকগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালটোৱে অসমবাসীৰ পৰা আৰ্থিক সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে।

সদাশয় ব্যক্তি বা দল-সংগঠনে NILA KANTA SHARMA’ৰ ষ্টেট বেংক একাউন্ট নম্বৰ 11847714206, IFSC SBIN0009140 ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে।