NORTHEAST NOW (Assamese)
অসম

বিভিন্ন সমস্যা সমাধানৰ দাবীত মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাত চাহ শ্রমিকৰ উত্তাল প্রতিবাদ

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা April 20, 2022 6:51 am
বিভিন্ন সমস্যা সমাধানৰ দাবীত মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচাত চাহ শ্রমিকৰ উত্তাল প্রতিবাদ

মাৰ্ঘেৰিটাৰ ডিৰক চাহ বাগিচা চাহ শ্রমিকৰ প্রতিবাদত মঙলবাৰে উত্তাল হৈ পৰে। চাহ শ্রমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্রায় চাৰিশ শ্রমিকে বাগিচাৰ কাম কাজ বন্ধ কৰি ডিৰক বাগানৰ ফেক্টৰী আৰু কাৰ্যালয় ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত কৰে।

চাহ শ্রমিক সকলক উপযুক্ত মজুৰি দিয়া নিদিয়া, ৰেচন কৰ্তন বন্ধ কৰা, বাগিচাত পৰ্যাপ্ত চিকিৎসা সেৱা লাভ নকৰা, অস্থায়ী শ্ৰমিক সকলক দীৰ্ঘদিন ধৰি স্থায়ীকৰণ নকৰা, শ্ৰমিক আইন অনুসৰি ৮ ঘণ্টা শ্ৰমৰ বিপৰীতে অধিক সময় শ্ৰমত নিয়োজিত কৰা, উপযুক্ত হাজিৰা প্ৰদান নকৰা, শ্ৰমিক সকলৰ প্ৰয়োজনীয় গৰম পানী প্ৰদান নকৰাকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত  ডিৰক চাহ বাগিচাৰ শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিব লগা হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া, ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।

পিছত বাগিচা কৰ্তৃপক্ষ আৰু শ্রমিক প্রতিনিধিৰ লগতে আদিবাসী ছাত্র সংগঠনৰ প্রতিনিধিৰ মাজত হোৱা আলোচনা মৰ্মে বাগিচা কৰ্তৃপক্ষই লিখিতভাবে প্ৰতিশ্ৰুতি দিয়াত পৰিবেশ শান্ত হয় যদিও বৰ্তমানেও চাহ বাগিচাখনত চেপা উত্তেজনা বিৰাজ কৰি আছে।

চাহ বাগান কৰ্তৃপক্ষই অনতিপলমে চাহ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অৱশ্যে লক্ষণীয় হ’ব।