NORTHEAST NOW (Assamese)
অসম

দিশপুৰ মহাবিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত বক্তৃতানুষ্ঠান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2022 7:22 am

দিশপুৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰ্ণায়ক কোষৰ উদ্যোগত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত মঙলবাৰে এক বক্তৃতা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ,পাণ্ডু মহাবিদ্যালয়ৰ অবসৰী অধ্যক্ষ তথা বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি বিভাস দাস পুৰকায়স্থই অংশ গ্ৰহণ কৰে।

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজোতি বৰাই আদৰণি জনায় সদৌটিকে নতুন শিক্ষা নীতিৰ পৰামৰ্শৱলী মতে উচ্চ শিক্ষা আগবঢ়ায় নিবলৈ প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।

মূল বিষয়বস্তুৰ ওপৰত বিশদভাবে আলোকপাত কৰি বিভিন্নতা আৰু স্থানীয় বিষয়বস্তু প্ৰাধান্য দি পাঠ্যক্রম, শিক্ষা নীতি প্ৰস্তুত কৰিব লাগিব। সমতা, সাৰ্বজনীন গ্ৰহণ যোগ্যতা, সামুহিক অংশগ্রহণ, সমালোচনা মূলক চিন্তা চৰ্চা, সৃষ্টিশীলতা , একক কৰ্মদক্ষতা, আদি বিভিন্ন দিশ সামৰি তেওঁ এক সাৱলীল আলোচনা আগবঢ়ায়।

প্ৰায় চল্লিশ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে অংশগ্রহণ কৰা অনুষ্ঠানৰ আঁতধৰি ইংৰাজী বিভাগৰ মুৰব্বী ড০ সঞ্জীৱ কুমাৰ শৰ্মা ই দিশপুৰ মহাবিদ্যালয়ৰ প্ৰয়োজনীয় মাটিকালিৰ অভাবত বিজ্ঞান শাখাৰ লগতে অন্যান্য শাখা আৰু বিষয় আৰম্ভ কৰিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।

তেওঁ অনুষ্ঠানৰ শেষত উপস্থিত আটাইকে ধন্যবাদ জনায়।