NORTHEAST NOW (Assamese)
Popular Stories

১ লাখ কোটি টকা বিনিয়োগ কৰিলেও অসমত অনুমতি দিয়া নহ’ব প্ৰদূষণকাৰী উদ্যোগক : ঘোষণা উদ্যোগ মন্ত্ৰীৰ

Posted by: নবাৰুন গুহ February 1, 2018 7:47 pm
Chandra Mohan Patowary press meet

অসম চৰকাৰে প্ৰদূষণকাৰী উদ্যোগৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি এনে প্ৰকল্পৰ ক্ষেত্ৰত বিনিয়োগকাৰীক উৎসাহ নোযোগোৱাৰ সিদ্ধান্ত লৈছে।

‘১ লাখ কোটি টকা বিনিয়োগ কৰিব খুজিলেও আমি তেওঁলোকক উদ্যোগ স্থাপনৰ অনুমতি প্ৰদান নকৰো’, বৃ্হস্পতিবাৰে দিচপুৰত এক সংবাদমেলত এইদৰে কয় ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

মন্ত্ৰীজনে লগতে কয়, ‘কৃষি, হস্ততাঁত, নদী পৰিৱহন, তথ্য প্ৰযুক্তি, দৰৱ আৰু চিকিৎসা আদি প্ৰদূষণ নকৰা উদ্যোগত বিনিয়োগৰ ক্ষেত্ৰত আমাৰ সমস্যা নাই। কিন্তু ক’ক উদ্যোগৰ দৰে গুৰুতৰ প্ৰদূষণকাৰী উদ্যোগত বিনিয়োগৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ বিৰোধী।’

‘আমি ৰাজ্যখনত দ্ৰুত উদ্যোগীকৰণ বিচাৰো’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘কিন্তু একে সময়তে আমি প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগৰ সমৰ্থকো হ’ব নোখোজো।’

মন্ত্ৰীগৰাকীয়ে কয় যে যোৰাবাটৰ দৰে এসময়ৰ অতি সুন্দৰ এটুকুৰা ঠাই ক’ক উদ্যোগ স্থাপনৰ অনুমতি প্ৰদান কৰাৰ ফলত সম্পূৰ্ণৰূপে প্ৰদূষিত হ’ল।

আনহাতে সম্ভাব্য বিনিয়োগকাৰীক গতাবৰ বাবে ৰাজ্যত পৰ্য্যাপ্ত মাটি নথকাৰ আশংকা খণ্ডন কৰি পাটোৱাৰীয়ে কয়, ‘আমাৰ ভূমি ভঁৰালত ৭০০০ একৰ মাটি আছে। বিনিয়োগকাৰীৰ পৰা জাননী পোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে আমি তেওঁলোকক মাটি যোগান ধৰিব পাৰিম।’

কৃষিভূমি বিক্ৰীৰ ক্ষেত্ৰত তেওঁ কয়, ‘ভাল দাম পালে খেতিয়কসকলে তেওঁলোকৰ মাটি বিক্ৰী কৰিব পাৰে। কিন্তু তেওঁলোকক মাটি বেচিবৰ বাবে আমি বাধ্য কৰিব নোখোজো।’

পাটোৱাৰীয়ে লগতে জনায় যে ধুবুৰীৰ ৰুপচি বিমানবন্দৰ শীঘ্ৰে কাৰ্য্যক্ষম কৰি তুলিবৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে।

‘ৰুপচি বিমান বন্দৰ কাৰ্য্যক্ষম হৈ উঠিলে ই পশ্চিম বংগ আৰু ছিকিমৰ সৈতে আমাৰ যোগাযোগ বৃদ্ধি কৰিব’ , মন্ত্ৰীজনে কয়।