NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় সেনাৰ মহানুভৱতা: সীমান্তত সাজি দিলে যুদ্ধত নিহত পাক সেনা বিষয়াৰ কবৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2020 5:39 pm
a grave

মহানুভৱতাৰ ক্ষেত্ৰত ভাৰতৰ সেনাৰ বিশ্ব জোৰা সুনাম আছে।

বিপদত পৰা বিদেশৰ লোককো ভাৰতীয় সেনাই উদ্ধাৰ কৰি পুনৰ নিজ দেশলৈ ওভতাই পঠিওৱাৰ নজিৰ আছে।

শেহতীয়াকৈ ভাৰতীয় সেনাই কাশ্মীৰৰ পাক- ভাৰত সীমান্তত ১৯৭২ চনত ভাৰতৰে হোৱা যুদ্ধত নিহত পাকিস্তানৰ সেনা বিষয়া এজনৰ জহি খহি যোৱা কবৰ পুনৰ মেৰামতি কৰি সুন্দৰ ৰূপত সজাই তুলিছে।

ভাৰতীয় সেনাই  এনে কাৰ্যৰ জৰিয়তে সীমান্তত এটা ভাৰতীয় সেনাৰ গুলীতে নিহত পাক সেনা বিষয়া জনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাত আনকি পাক সেনাও আচৰিত হৈছে।

উল্লেখ্য ১৯৭২ চনৰ ৫ মে’ৰ বিয়লি ৪.৩০ বজাত ভাৰতীয় সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছিল পাক সেনাৰ বিষয়া মেজৰ মহম্মদ ছাবিৰ খান।

পাক সেনা বিষয়া গৰাকীক ভাৰতৰ মাটিতে কবৰ দিয়া হৈছিল।

কিন্তু সময়ৰ সোঁতত সেই কবৰ ভাঙি গৈ জৰাজীৰ্ণ হৈ পৰে। ভাৰতীয় সেনাৰ চিনাৰ কৰ্পচে শেহতীয়াকৈ পুনৰ সেই কবৰ সজাই তুলিছে।

এই বিষয়ে সেনাৰ চিনাৰ কৰ্পচে টুইটযোগে নতুনকৈ সজাই তোলা কবৰৰ ছবি প্ৰকাশ কৰিছে।

সেনাৰ মতে—সৈনিক শত্ৰু দেশৰ হ’লেও মৃত্যুৰ পিছত তেওঁক যোগ্য সন্মান দিয়াটো উচিৎ।