NORTHEAST NOW (Assamese)
অসম

অস্তিত্বৰ সংকটত মাজুলীৰ শইচৰ ভঁৰাল ভকত চাপৰি

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ September 19, 2019 1:41 pm
Majuli Erosion

তীব্ৰ হাৰত সংকুচিত হৈ আহিছে মাজুলীৰ শইচৰ ভঁৰাল ৰূপে খ্যাত ভকতচাপৰি অঞ্চল। গৰাখহনীয়াৰ কৱলত পৰি এফালৰ পৰা নিঃশেষ হৈ আহিছে ভকত চাপৰিৰ অন্তগৰ্ত ভীমপৰা গাঁও।

চকুৰ পচাৰতে জাহ গৈছে বৃহৎ বৃহৎ অঞ্চল। এটা পষেক ধৰি হৈ থকা গৰাখহনীয়াই ক্ৰমান্বয়ে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

অঞ্চলটোৰ ধাননি পথাৰ, বৃহৎ এলেকা জুৰি থকা কুহিয়াৰ খেতি, মন্দিৰৰ লগতে ভীমপৰা গাঁৱৰ পৰা আউনীআটী-অলিমুৰ সংযোগী পথটোৰ এছোৱা ইতিমধ্যে  নদীৰ বুকুত জাহ  গৈছে।

প্ৰতি দিনে হৈ থকা ভয়াবহ খহনীয়াত ভীমপৰা, জামুগুৰি, মিলন মধুপুৰ, পকীমূৰী গাঁৱৰ ৰাইজে বিনিদ্ৰ ৰজনীৰে পাৰ কৰিছে এই ভয়াবহ সময়।

উল্লেখ্য যে, বিগত কেইবাবছৰো ধৰি ভীমপৰা, জামুগুৰি, মিলন মধুপুৰ, পকীমূৰীৰ বৃহত্তৰ নৈ পৰীয়া অঞ্চলটোত চলি অহা ব্যাপক গৰাখহনীয়াৰ বাবে ইতিমধ্যেই ভূমিহীন, গৃহহীন হৈ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বহু শতাধিক স্থানীয় পৰিয়ালৰ।

ইমানৰ পিছতো পৰিৱৰ্তনকামী চৰকাৰ খনে তৎকালীনভাবে উক্ত অঞ্চলৰ বান-গৰাখহনীয়া ৰোধৰ বাবে তথা অঞ্চলটোৰ লোক সমূহক সাময়িক ভাবে সকাহ দিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতিশয় লক্ষণীয় হৈ পৰিছে।