NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ আৰক্ষীৰ অভিযানত হিৰোইন জব্দ, আটক চোৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2019 4:47 pm
heroin

লখিমপুৰ আৰক্ষীয়ে শুকুৰবাৰে হাৰমতিৰ পৰা ৯৬ টা সৰু সৰু প্লাষ্টিকৰ বটলত ভৰাই থোৱা অৱস্থাত ১২.৪১ গ্ৰাম হিৰোইন জব্দ কৰে।

আৰক্ষীয়ে ঘটনাৰ লগত জড়িত ৰাজু পেগু নামৰ এগৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ৰাজু পেগুৰ ঘৰ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ওচৰত।

Raju Pegu
ৰাজু পেগু

আনহাতে, আন এটা পৃথক অভিযানত লখিমপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে চাইনাতলা চুৰি কাণ্ডৰ লগত জড়িত থকা আন তিনিগৰাকী চোৰক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা চোৰ কেইগৰাকী ছইদুল আলী, ছৈয়দ আমজাদ আলী আৰু জুবেৰ আলী বুলি চিনাক্ত কৰা হৈছে।

আটক হোৱা আটাইকেইগৰাকী চোৰে মেঘালয়ৰ লাডৰুমবোই অঞ্চলত আত্মগোপন কৰি আছিল।

আৰক্ষীয়ে চোৰ তিনিগৰাকীৰ পৰা ৭৮,০০০ টকাও জব্দ কৰিবলৈ সক্ষম হয়।

চাইনাতলা চুৰিকাণ্ডত আটক হোৱা চোৰ তিনিগৰাকী

আটক হোৱা চোৰ তিনিগৰাকীৰ ঘৰ উত্তৰ লখিমপুৰৰ লালুক আৰক্ষী চকীৰ কেহুতলী অঞ্চলত বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে আটক হোৱা চোৰ তিনিগৰাকীৰ সৈতে চাইনাতলা চুৰি কাণ্ডত আটক হোৱা লোকৰ সংখ্যা সাত গৰাকীলৈ বৃদ্ধি পায়।