NORTHEAST NOW (Assamese)
অসম

জলবায়ু ধৰ্মঘট : বিশ্বৰ সচেতন লোকৰ সৈতে থিয় দিলে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2019 9:54 pm
Climate strike nagaon

জলবায়ু সজাগতাকৰ্মী হিচাপে বিশ্বখ্যাতি অৰ্জা ষোড়শী ছাত্ৰী গ্ৰেটা থুনবাৰ্গৰ আহ্বানত আজি গোটেই বিশ্বত বিদ্যাৰ্থীসকলৰ দ্বাৰা যি অভূতপূৰ্ব “জলবায়ু ধৰ্মঘট” আন্দোলন দেখা গ’ল, তাত অসমৰ বিভিন্ন ঠাইৰ বিদ্যাৰ্থীসকলেও অংশগ্ৰহণ কৰে।

গোলকীয় সংকটটোৰ প্ৰতি বিশ্বৰ নেতাসকলৰ মনোযোগ আকৰ্ষণৰ চেষ্টাৰে লোৱা কাৰ্য্যসূচীটোত আজি অসমৰ বিভিন্ন ঠাইত বিদ্যাৰ্থীসকলে হাতে হাতে প্লেকাৰ্ড লৈ শ্ৰেণীকোঠাৰ পৰা ওলাই আহে আৰু বাঞ্ছিত পদক্ষেপ ল’বলৈ দাবী জনায়।

গুৱাহাটীৰ কামৰূপ একাডেমি, অসম-মেঘালয় সীমান্তৰ পিলিংকাটা হাইস্কুল, যোৰহাটৰ হলগুৰি চাহ বাগিচা এম ই স্কুল, যোৰহাটৰ কেন্দ্ৰীয় মহাবিদ্যালয়, বাপু বাঢ়ৈ উচ্চ মাধ্যমিক বিদ্যালয়, নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, ব্ৰহ্মপুত্ৰ বিদ্যা নিকেতনকে ধৰি মাজুলী, ডুমডুমা, উত্তৰ গুৱাহাটী, আদি বিভিন্ন ঠাইৰ বিদ্যাৰ্থীসকলে ব্যাপক হাৰত ধৰ্মঘটত যোগদান কৰে।

Climate strike Majuli
জলবাযু ধৰ্মঘটত অংশগ্ৰহণ কৰিছে মাজুলীৰ ছাত্ৰ-ছাত্ৰীয়ে। ফটোৰ উৎস : ছ’চিয়েল মিডিয়া।

ছাত্ৰ-ছাত্ৰীসকলক “সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰক”, “জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰক”, “জলবায়ু পৰিৱৰ্তন ৰোধ কৰক”, “হোমৱৰ্ক পিছত, জলবায়ু আগত” আদি শ্ল’গানৰ সৈতে থিয় হোৱা দেখা যায়।

শিক্ষক-শিক্ষয়িত্ৰী, পৰিৱেশ কৰ্মী, বিজ্ঞানমনস্ক লোকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ কাষত থিয় হৈ তেওঁলোকক উৎসাহ দিয়ে।

গ্ৰেটা থুনবাৰ্গৰ আহ্বানৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰিৰে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে এইদৰেই বিশ্বৰ সচেতন লোকসকলৰ চিন্তাধাৰা আৰু কাৰ্য্যসূচীত ৰাজ্যখনৰো এটা খোজ ৰখাটো নিশ্চিত কৰে।

অসমত সদৌ ভাৰত জনবিজ্ঞান নে’টৱৰ্ক, চমুকৈ এ আই পি এছ এনৰ অন্তৰ্গত অসমৰ কেইবাটাও সংস্থা, সংগঠন, সমিতি, যেনে- অসম বিজ্ঞান সমিতি, জ্ঞান-বিজ্ঞান সমিতি, অসম, ইলোৰা বিজ্ঞান মঞ্চ, চি আৰ য়ু (এন ই আৰ) আদিয়ে এই সজাগতাৰ পদক্ষেপৰ গুৰি ধৰে।

জলবায়ু সংকটৰ প্ৰতি গ্ৰেটাৰ তীক্ষ্ণ আনুভূতিক স্থিতি আৰু আহ্বানে সমস্যাটোৰ গম্ভীৰতা সম্পৰ্কে ইতিপূৰ্বে বিশ্বজুৰি মানুহৰ মনত বিশেষ দুঃচিন্তা গুঁজি দিবলৈ সক্ষম হৈছে।

পৃথিৱীয়ে ক্ৰমবৰ্ধিতভাৱে সহি অহা উষ্ণতাৰ আতিশয্যক বুজাবৰ চেষ্টাৰে তেওঁ কৈছে, “আমাৰ ঘৰত জুই লাগিছে”।

“বিশ্ব নেতৃত্বই আমাক বিফল কৰিলে” বুলি অভিযোগ কৰি তেওঁ সকলোকে জলবায়ুৰ সংকটৰ গুৰুত্ব বুজি ঘৰত জুই লাগিলে যেনেকুৱা তৎপৰতাৰে কাম কৰা হয়, তেনেকৈ কৰিবলৈ আহ্বান জনাইছে।

পূৰ্বজসকলে সৃষ্টি কৰা জটিলতাৰ বাবে তেওঁলোকক জবাবদিহি কৰাৰ পক্ষপাতী গ্ৰেটাই কয়, “আমাৰ খং উঠা উচিত আৰু সেই খং কাৰ্য্যলৈ ৰূপান্তৰ কৰিব লাগিব৷”