NORTHEAST NOW (Assamese)
অসম

উত্তৰ লখিমপুৰ ভ্ৰমণৰ সময়ত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিব নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প বিৰোধী দলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 20, 2019 10:10 pm
LSHEP

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ২৩ ছেপ্টেম্বৰৰ প্ৰস্তাবিত উত্তৰ লখিমপুৰ ভ্ৰমণৰ সময়ত নামনি সোৱণশিৰি বান্ধ বিৰোধী সংগ্ৰামী ঐক্যমঞ্চই মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি নদী বান্ধৰ বিষয়ত এক পৰ্যালোচনা আগবঢ়াব।

গেৰুৱামুখত চলি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি থকা সংস্থাবোৰৰ ভিতৰত নামনি সোৱণশিৰি বান্ধ বিৰোধী সংগ্ৰামী ঐক্যমঞ্চ অন্যতম।

শুকুৰবাৰে এটা প্ৰেছ বিবৃতিত এন এছ বি অ’ই, এন এইছ পি চিৰ পুনৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে লোৱা সিদ্ধান্তক গৰিহণা দিয়ে।

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পই ইয়াৰ নামনি অংশ যেনে লখিমপুৰ, ধেমাজি আৰু মাজুলী আদি অঞ্চলত প্ৰত্যাহবানৰ সৃষ্টি কৰিব বুলিও বিবৃতিটোত প্ৰকাশ কৰা হয়।

আনহাতে, এন এছ বি এছ অ’ই অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুই জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তক উচ্চ প্ৰশংসা কৰে।

খাণ্ডুৱে অলপতে ৰাজ্যখনৰ ২২ টা জলবিদ্যুত প্ৰকল্পৰ চুক্তি বাতিল কৰে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অৰুণাচলৰ মুখ্য মন্ত্ৰীগৰাকীৰ আদৰ্শ অনুকৰণ কৰিব লাগে বুলি সংগঠনটোৱে মন্তব্য কৰে।