NORTHEAST NOW (Assamese)
অসম

কোনো ভাষাৰ জোৰকৈ আৰোপ বা বিৰোধ নকৰিব : উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2019 9:17 am
M.-Venkaiah-Naidu

উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইড়ুৱে শুকুৰবাৰে জনসাধাৰণক আহ্বান জনাই কয় যে কোনো ভাষাৰ বিৰোধিতা বা জোৰকৈ আৰোপ নকৰি যিমান পাৰি সম্ভৱ ভাষা শিকাৰ বাবে চেষ্টা কৰিব লাগে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হিন্দীক এক উমৈহতীয়া ভাষা হোৱা উচিত বুলি কৰা মন্তব্যই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰাৰ কেইদিনমান পাছতে নাইডুৰ এই বক্তৱ্য প্ৰকাশ পাইছে।

‘’উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে জনসাধাৰণক যিমান সম্ভৱ ভাষা শিকাৰ বাবে আহ্বান জনায় আৰু কোনো ভাষা জোৰকৈ আৰোপ কৰা বা কোনো নিৰ্দিষ্ট ভাষাৰ বিৰোধিতা কৰা উচিত নহয় বুলি ব্যক্ত কৰে,’’-উপ ৰাষ্ট্ৰপতিৰ সচিবালয়ে জাৰি কৰা এক বিজ্ঞপ্তিত এইদৰে কোৱা হৈছে।

অমিত শ্বাহে পৰৱৰ্তী সময়ত কৈছিল যে তেওঁ কেতিয়াও হিন্দীক দেশৰ জাতীয় ভাষা হিচাপে আৰোপ কৰাৰ বাবে কোৱা নাছিল, কিন্তু ইয়াক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰৰহে পোষকতা কৰিছিল।

এদল স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইড়ুৱে লগতে কয় যে মাতৃভাষাক আগবঠাই নিয়াত গুৰুত্ব দিয়া উচিত আৰু আন ভাষাও শিকা উচিত।

ভ্ৰমণক শিক্ষাৰ এক ৰূপ আৰু ভাল শিক্ষা আহৰণৰ অভিজ্ঞতা বুলি বৰ্ণনা কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ সকলো প্ৰধান পৰ্যটনস্থলী ভ্ৰমণ কৰি দেশৰ সংস্কৃতি, ঐতিহ্য, ভাষা তথা খাদ্যসম্ভাৰ আদিৰ বৈচিত্ৰতাৰ অভিজ্ঞতা ল’বলৈ উপদেশ দিয়ে যাতে ভাৰতৰ অতুলনীয় সাংস্কৃতিক উপলব্ধি সন্দৰ্ভত জ্ঞান বৃদ্ধি কৰিব পাৰে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে স্কুলীয়া সময়ৰ ৫০ শতাংশ সময় শ্ৰেণীকোঠাৰ বাহিৰত কটোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে শাৰীৰিক সক্ষমতা বৃদ্ধি কৰিব পৰা যায়।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অস্বাস্থ্যকৰ জীৱন প্ৰণালী অনুশীলন তথা খাদ্যাভ্যাসৰ বাবে বাঢ়ি অহা অসংক্ৰমিত ৰোগৰ বিষয়েও সতৰ্ক কৰি দিয়ে।