NORTHEAST NOW (Assamese)
অসম

নাছাই প্ৰকাশ কৰিলে ছবি; লোকে বিচাৰি পালে বিক্ৰম লেণ্ডাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2019 12:44 pm
vikram-lander-gio_092719103752

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰযান-২’ৰ বিক্ৰম লেণ্ডাৰ অৱতৰণৰ স্থানৰ ছবি প্ৰকাশ কৰিছে। এলানি ছবিৰ ৰূপত প্ৰকাশ কৰা ইয়াত চন্দ্ৰৰ দক্ষিণ দিশৰ সেই স্থান প্ৰত্যক্ষ কৰা গৈছে য’ত বিক্ৰম লেণ্ডাৰ পৰিছিল।

নাছাই কম পোহৰৰ কথা উল্লেখ কৰি কৈছে যে তেওঁলোকেতো অৱতৰণৰ স্থান ডোখৰ বিচাৰি উলিয়াইছে, কিন্তু বিক্ৰম লেণ্ডাৰক বিচাৰি পোৱা নাই।

ইপিনে, গোটেই বিশ্বৰে বিভিন্নজনে নাছাৰ ছবিত বিক্ৰম লেণ্ডাৰক বিচাৰি পোৱাৰ দাবী কৰিছে।

এই ছবিসমূহত ডাটা এনালিষ্ট জিঅ’ পেগলিয়াৰীয়ে চন্দ্ৰৰ এটা ঘুৰণীয়া গাঁতত বিক্ৰম লেণ্ডাৰ থকাৰ দাবী কৰিছে। ই নাছাক এই ছবিসমূহ আৰু কোৰ্ডিনেটছৰ অনুসন্ধান চলাবলৈ কৈছে।

ডাটা এনালিষ্ট জিঅ’ পেগলিয়াৰীয়ে দ্বিতীয়টো কোৰ্ডিনেটছৰ ছবিও প্ৰকাশ কৰিছে য’ত এটা লেণ্ডাৰৰ দৰে বস্তু দেখা পোৱা গৈছে। তাত ইয়াৰ এটা দীঘলীয়া প্ৰচ্ছায়াও সৃষ্টি হৈছে।

উক্ত ছবি টুইট কৰি প্ৰকাশ কৰিছে নন্দিনী ইদনানীয়ে। তেঁৱো কয় যে এটা গাঁতৰ কাষত বিক্ৰম লেণ্ডাৰৰ দৰে কিবা এটা দেখা গৈছে। তাৰ প্ৰচ্ছায়াটোও তেনেকুৱাই দেখা গৈছে। তেওঁ চন্দ্ৰযান-২’ৰ সফলতাৰ বাবে ইছৰোক অভিনন্দনো জনাইছে।

এই ছবিসমূহত দুটা স্থানত বিক্ৰম লেণ্ডাৰ থকাৰ দাবী কৰা হৈছে। ওপৰৰ ফালে বাঁওপিনে এটা ডাঙৰ গাঁতৰ ওপৰত বিক্ৰম লেণ্ডাৰ থকাৰ কথা কোৱাৰ প্ৰয়াস কৰা হৈছে। পাৰসনাথ নামৰ টুইটাৰ ব্যৱহাৰকাৰীয়ে এই দাবী কৰাৰ বিপৰীতে জিঅ’ পেগলিয়াৰীয়ে তলৰ ভাগত বিক্ৰম লেণ্ডাৰ থকাৰ দাবী কৰিছে।