NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ কহঁৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ; প্ৰতিদ্বন্দ্বিৰ সৈতে হোৱা যুঁজত মৃত্যু 

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 27, 2019 3:35 pm
Kaziranga Tiger story

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ লেংটাজান বন শিৱিৰ এলেকাৰ চিৰাখোৱা ডুবিৰ পাৰত শুকুৰবাৰে এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷

কৰ্মৰত বনকৰ্মীয়ে বাঘটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত ৰাতিপুৱাই বাঘটোৰ মৃত্যুৰ কাৰণ আৰু মৰোনোত্তৰ পৰীক্ষাৰ বাবে ঘটনাস্থলীত বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াৰ নেতৃত্বত এটা দল উপস্থিত হয়৷

বিভাগীয় পশু চিকিৎসক দেৱমোহন শইকীয়া, ডা৹ চামচুল আলী আৰু গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকাৰীৰ প্ৰতিনিধিও দলটোত সৈতে উপস্থিত থাকে৷

চিৰাখোৱা ডুবিৰ পৰা মাত্ৰ কেইমিটাৰমান আতৰত এজোপা গছৰ তলত পৰি থকা মৃত ঢেকীয়াপতীয়া বাঘটো পৰীক্ষাৰ অন্তত তিনি বছৰ বয়সৰ এজনী পোৱালী মাইকী বাঘ বুলি নিশ্চিত কৰে পশু চিকিৎসকে৷

আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পাছত বাঘিনীজনী প্ৰতিদ্বন্দ্বিৰৈ সৈতে হোৱা যুঁজত মৃত্যু হোৱা বুলি পশু চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে৷

তদুপৰি, ঢেকীয়াপতীয়া বাঘজনীৰ শৰীৰৰ নমুনা ফৰেণচিক লেবৰটৰীত পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হয়৷

মৰণোত্তৰ পৰীক্ষাৰ শেষত ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশমতে বিভাগীয়া বন বিষয়া, কৰ্মীসকলৰ উপস্থিতিত মৃত বাঘিনীজনীক বনাঞ্চলতে দাহ কৰা হয়৷