NORTHEAST NOW (Assamese)
অসম

৬৫খন দেশৰ ১০০খন চলচ্চিত্ৰেৰে ৩১ অক্টোবৰৰ পৰা তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 1, 2019 12:15 pm
gifff

অহা ৩১ অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবন চৌহদত অনুষ্ঠিত হ’ব তৃতীয় সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানৰ সহযোগত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা মহোৎসৱখনত বিশ্বৰ ৬৫খন দেশৰ ১০০খন ছবি প্ৰদৰ্শিত হ’ব।

গুৱাহাটীত এখন সংবাদমেলযোগে জ্যোতি চিত্ৰবন ফ্লিম ষ্টুডিঅ’ৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দি কয় যে এইবাৰৰ মহোৎসৱত পোলেণ্ডৰ বিশিষ্ট ছবি নিৰ্মাতা ক্ৰিজট’ফ জানুছি (Krzysztof Zanussi) বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব।

ৰাষ্ট্ৰীয় পৰ্যায়ত হ’ব লগীয়া চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব মুঠ ৪০খন চলচ্চিত্ৰই।

মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হ’ব ইৰাণৰ ছবি ছাৰক’ল। ইফালে মহোৎসৱত পূৰ্বৰ দৰে এইবছৰো ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব আয়োজকে।

এই সন্দৰ্ভত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে তৃতীয় সংখ্যক মহোৎসৱত উত্তৰ-পূব, ওড়িশা, তামিলনাডুৰ লগতে কেৰালাৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰিব বুলি সংবাজমেল যোগে জনায়।

আনহাতে মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা ১ আগষ্টৰ পৰাই অনলাইন তথা অফলাইনযোগে পঞ্জীয়ন আৰম্ভ হোৱা বুলি পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে। মহোৎসৱখনৰ বাবে ৰাজ্য চৰকাৰে ২ৰ পৰা ৩ কোটি টকা বাজেট ধাৰ্য কৰিছে।

ইফালে উক্ত সংবাদ মেলতে মন্ত্ৰী গৰাকীয়ে বিশিষ্ট শিক্ষাবিদ তথা ভাষাবিদ টাবু ৰাম টাইডৰ স্মৃতিত সোৱনশিৰিৰ পাৰত ১৯ কোটি ব্যয়ৰে স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব বুলিও উল্লেখ কৰে।