NORTHEAST NOW (Assamese)
অটো

উৎসৱৰ বতৰত Paytmৰ ‘ক্ৰেকাৰ ডীল’; মাত্ৰ ৯৯ টকাতে Redmi ফোন লাভৰ সুযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2019 12:40 pm
All new Pawtm

উৎসৱৰ বতৰত Paytmৰ তৰফৰ পৰা মহা কেছবেক কাৰ্নিভেল ছেলৰ আয়োজন কৰা হৈছে।

মহাকেছবেক ছেলৰ সময়ত গ্ৰাহকসকলে বৃহৎ পৰিমাণত ৰেহাইৰ লগতে কেছবেকৰ সুবিধা লাভ কৰিব। ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই মহা কেছবেক ৬ অক্টোবৰলৈ চলিব।

এতিয়া প্ৰতিষ্ঠানসমূহেও নিজৰ নিজৰ ক্ৰেকাৰ ডীল সমূহৰ বিষয়ে বিজ্ঞাপন দিয়া দেখা গৈছে।

এই ডীলৰ অধীনত মাত্ৰ ৯৯ টকাতে ৰেডমি ফোন কিনিব পৰা যাব। কোম্পানীয়ে জনোৱা অনুসৰি ক্ৰেকাৰ ডীল আজিৰ পৰা আৰম্ভ হৈ ৬ অক্টোবৰলৈ থাকিব।

এই সময়ত হ’ব বিক্ৰী:

ক্ৰেকাৰ ডীল ২ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ সন্ধিয়া ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত উপলব্ধ হ’ব।

গ্ৰাহকসকলে ৰেহাইৰ সুবিধা কেছবেকৰ মাধ্যমত লাভ কৰিব। ইয়াৰ অৰ্থ হ’ল গ্ৰাহকসকলে প্ৰথমে ফোন ক্ৰয় কৰাৰ সময়ত ফোনটোৰ প্ৰকৃত মূল্য আদায় দিব লাগিব আৰু পৰৱৰ্তী সময়ত Paytmৰ মাধ্যমেৰে ৰেহাই মূল্য গ্ৰাহকৰ পেটিএম একাউণ্টত ট্ৰেঞ্চফাৰ কৰি দিয়া হ’ব।

এই ধৰণে ক্ৰেকাৰ ডীলৰ সময়ত আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ’লে ৰেডমি ফোন মাত্ৰ ৯৯ টকাৰ ভিতৰতো ক্ৰয় কৰিব পাৰিব।

এতিয়ালৈ পেটিএমৰ তৰফৰ পৰা কোম্পানীয়ে ৰেডমিৰ কোনবোৰ ফোনত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে সেই সম্পৰ্কে কোনো কথা মুকলি কৰা নায়।

বেংকৰ পৰাও ৰেহাইৰ সুবিধা:

পেটিএমে কিছুসংখ্যক স্মাৰ্ট ফোন ক্ৰয়ৰ সময়ত বেংক অফাৰৰ সুবিধাও উপলব্ধ হ’ব বুলি জনাইছে।

এই ক্ষেত্ৰত কাৰ্ড ভেলু ৫,০০০ টকাৰ অধিক হোৱাটো প্ৰয়োজনীয়। HDFC বেংকৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ই এম আই ট্ৰেঞ্জিকশ্যনত ১০ শতাংশলৈ ৰেহাই দিয়া হ’ব।

আনহাতে, মহাকেছবেক ছেলৰ সময়ত  এপ’ল, ছেমছাং, ভিভ’ আদি অন্য কোম্পানীৰ ফোনৰ ক্ষেত্ৰতো বৃহৎ পৰিমানৰ ৰেহাই উপলব্ধ হ’ব।