NORTHEAST NOW (Assamese)
Popular Stories

ৰথৰ চকৰি ঘূৰিল ৰিক্সাচালকৰ; ৩০ টকা খৰচ কৰি পালে ৫০ লাখ টকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2019 7:48 am

নাগালেণ্ড অনুষ্ঠিত এখন লটাৰী খেলত ভাগ্য ফুলিল এজন ৰিক্সা চালকৰ। যাৰ ফলত ৰাতিটোৰ ভিতৰতে লাখপতি হ’ল  ৰিক্সা চালক গৌৰ দাস।

নাগালেণ্ডত ৰিক্সা চালক হিচাপে জীৱন নিৰ্বাহ কৰা পশ্চিম বংগৰ বৰ্ধমান জিলাৰ গৌৰ দাসে যোৱা দেওবাৰে অনুষ্ঠিত লটাৰী প্ৰতিযোগিতাখনত ৫০ লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে।

উল্লেখযোগ্য যে দাসে জনোৱা মতে প্ৰথম অৱস্থাত তেওঁৰ লটাৰী টিকতটো কিনাৰ বিশেষ আগ্ৰহ নাছিল, কিন্তু টিকত বেচোতাজনে খুব জোৰ কৰাত তেওঁ ৩০ টকা দি টিকতটো কিনে।

পিছত যোৱা দেওবাৰে আৱেলি তেওঁ ওচৰৰ লটাৰী টিকত বেচা দোকানলৈ গৈ ৰিজাল্ট চায় দেখে যে তেওঁ ৫০ লাখ টকাৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে।

দাসে কয় যে প্ৰথম পুৰস্কাৰ পোৱাৰ আনন্দত আত্মহাৰা হৈ তেওঁ চিধাই ঘৰলৈ আহি পত্নীক ভাল খবৰটো জনায়।

আনহাতে প্ৰথম অৱস্থাত নিৰাপত্তাৰ কথা ভাৱি তেওঁ ওচৰ-চুবুৰিয়াক খবৰটো দিয়া নাছিল। পিছত সোমবাৰে তেওঁ টিকতটো এটা ওচৰৰ বেংকত জমা দিয়ে।

খবৰটো বিয়পি পৰাৰ লগে লগে দাসৰ ঘৰত অঞ্চলটোৰ ৰাইজেৰে ভৰি পৰে। দাসৰ সৈতে পৰিয়ালত আছে তেওঁৰ বৃদ্ধ মাতৃ, পত্নী, দুগৰাকী কণমানী কন্যা আৰু এটি তৃতীয় শ্ৰেণীত পঢ়া পুত্ৰ সন্তান।