NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভাৰ নিৰ্বাচন : সাতগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 4, 2019 6:25 am
asomsahityasabha-570x320

অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰৰে পৰা আৰম্ভ হৈছে মনোনয়ন দাখিল প্ৰক্ৰিয়া।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, মুখ্য নিৰ্বাচনী বিষয়া বিপ্লৱ কুমাৰ শৰ্মা, আৰু নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনৰ উপস্থিতিত গুৱাহাটীৰ আমবাৰীস্থিত কাৰ্য্যালয়ত সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে মুঠ ৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

সভাপতি পদৰ বাবে মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। তেওঁলোক হ’ল ক্ৰমে ড০ বসন্ত কুমাৰ গোস্বামী, প্ৰহ্লাদ চন্দ্ৰ তাছা, সাহিত্যিক অধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকা আৰু পদ্মশ্ৰী সুৰ্য্যকান্ত হাজৰিকা।

বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত প্ৰাৰ্থী কেইগৰাকীয়ে মনোনয়ন দাখিল কৰে।

ইয়াৰে ড০ বসন্ত কুমাৰ গোস্বামী প্ৰাক্তন প্ৰধান সম্পাদক আছিল। প্ৰহ্লাদ চন্দ্ৰ তাছা প্ৰাক্তন উপ সভাপতি আছিল।

ইপিনে, উপ সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ শৰ্মাই মনোনয়ন দাখিল কৰিছে। প্ৰধান সম্পাদক পদৰ বাবে হৰেন্দ্ৰ কলিতা আৰু যাদৱ চন্দ্ৰ শৰ্মাই মনোনয়ন দাখিল কৰে।

৪ অক্টোবৰৰ দিনা বিয়লি ২ বজালৈকে ইচ্ছুক প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰিব বুলি নিৰ্বাচনী সমিতিৰ মুখপাত্ৰ বিজন মহাজনে জানিবলৈ দিয়ে।

তদুপৰি, অহা ৭ অক্টোবৰৰ দিনা মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।

অহা ১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি চাব আৰু তাৰ পাছতে প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰা হব।

উল্লেখযোগ্য যে, নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ১ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে চলিব য’ত জিলা আৰু শাখা সাহিত্য সভাসমূহে ডাকযোগে ভোটদান কৰিব লাগিব।

১৫ ডিচেম্বৰত ঘোষণা কৰা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল।