NORTHEAST NOW (Assamese)
অসম

বিশ্ব বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম’ৰ বাবে গুৱাহাটীত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিশিষ্ট ব্যক্তিসকল

Posted by: এন ই নাও নিউজ February 3, 2018 1:32 pm
glo-570x320

দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ আছাম বৰ্তমান সৰুসজাই ষ্টেডিয়ামত চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি আন বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত বক্তৱ্য ৰাখিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ মুকেশ আম্বানি, স্পাইচ জেটৰ মুখ্য পৰিচালন সঞ্চালক অজয় সিং, চেন্সুৰি প্লাইউদ লিটমিটেডৰ পৰিচালন সঞ্চালক ছাজ্জন ভজনকা , মেক্ লিয়দ ৰাছেল প্ৰা: লিমিটেডৰ পৰিচালন সঞ্চালক আদিত্য খৈতান, ছান ফাৰ্মাচিউটিকেলছৰ পৰিচালন সঞ্চালক দিলীপ ছাংভি, টাটা ছনছ’ৰ  অধ্যক্ষ এন চন্দ্ৰশেখৰণ, পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণ আদি অনুষ্ঠানত উপস্থিত হৈছে।

শনিবাৰে আৱেলি ৫ বজাত ব্ৰেকৱে হলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অসম চৰকাৰে ৬০,০০০ কোটি টকাৰ ১৬০ খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা আশা কৰা হৈছে।

বিশ্ব বিনিয়োগ সন্মিলনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰিছে যে এডভান্টেজ আছামে শক্তি, কৃষি আৰু খাদ্য সংশাধন, তথ্য প্ৰযুক্তি, পৰিবহন, পেট্ৰ’কেমিকেলছ, ফাৰ্মাচিউটিকেলছ, হস্ততাঁত আৰু হস্তশিল্প তথা পৰ্যটনকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত আলোকপাত কৰিব।

এনেধৰণৰ সন্মিলনে অসমৰ যুৱসকলৰ আশা-আকাঙ্খা পূৰণ কৰাত বৰঙণি যোগাব।