NORTHEAST NOW (Assamese)
অসম

১২ অক্টোবৰৰ পৰা পৰ্য্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 10, 2019 5:25 pm
Kaziranga National Park

বাৰিষা কালৰ বাবে বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১২ অক্টোবৰ শনিবাৰৰ পৰা পুনৰ পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

বন সংমণ্ডল বিষয়া(ডি এফ অ’)আৰ বি শইকীয়াই জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ ভাগৰ বহু ঠাই এতিয়াও পানীৰ বাবে সেমেকি থকা কাৰণে উদ্যানখনৰ কাজিৰঙা ৰেঞ্জ, কহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জ, বাগৰি ৰেঞ্জহে পৰ্য্যটকৰ বাবে জীপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হ’ব।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি কাজিৰঙা আৰু কহৰা ৰেঞ্জত জীপ চাফাৰী বৈষামাৰীলৈ সীমাবদ্ধ ৰখাৰ বিপৰীতে বাগৰি ৰেঞ্জত দংগা নিৰীক্ষণ চকী আৰু বিমলী তিনি আলিলৈ সীমাবদ্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পূব ৰেঞ্জ, আগৰাতলি, বুঢ়াপাহাৰ ৰেঞ্জ আৰু উদ্যানখনত হাতী চাফাৰী পৰৱৰ্তী সময়ত পৰ্য্যায়ক্ৰমে বতৰলৈ লক্ষ্য ৰাখি মুকলি কৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙিয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।

প্ৰতিবছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ বাবে দেশৰ-বিদেশৰ হাজাৰ হাজাৰ পৰ্য্যটক উদ্যানখনলৈ আহে।