NORTHEAST NOW (Assamese)
অসম

‘জাতিধ্বংসী’ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰি পুনৰ আটক হ’ল অখিল গগৈ আৰু শতাধিক প্ৰতিবাদকাৰী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 11, 2019 12:25 pm

আজিৰে পৰা ‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে অভিযান আৰম্ভ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে মহানগৰীৰ মেঘদূত ভৱনৰ সন্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কিন্তু প্ৰতিবাদস্থলীৰ পৰাই মহানগৰ আৰক্ষীয়ে কৃষক নেতা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক আটক কৰি পানবজাৰ থানালৈ লৈ যায়।

‘আমি অতি শান্তিপূৰ্ণভাৱে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলো। কিন্তু আৰক্ষীয়ে অগণতান্ত্ৰিকভাৱে আমাক এনেদৰে আটক কৰি লৈ গৈছে।‘ মহানগৰ আৰক্ষীয়ে আটক কৰাৰ সময়ত এইদৰে কয় অখিল গগৈয়ে।

ইপিনে, প্ৰতিবাদ চলি থকাৰ সময়ত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় ‘কোনোপধ্যে অসমে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে। যদি ৩ কোটি ১১ লাখ জনসাধাৰণৰ ওপৰত নতুনকৈ প্ৰায় ২ কোটি হিন্দু বাংলাদেশী জাপি দিয়ে, তেন্তে অসমবাসী ৰাইজ থাকিব ক’ত?

‘অমিত শ্বাহেই কওঁক বা প্ৰধান মন্ত্ৰীয়েই কওঁক, নতুনকৈ এজন বিদেশীয়ো অসম বা উত্তৰ-পূৰ্বাঞ্চলে ল’ব নোৱাৰো। আমাক হিন্দু-মুছলমান বাংলাদেশী নালাগে।‘ অখিলে লগতে কয়।

তদুপৰি শদিয়াৰ পৰা ধুবুৰীলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলিব বুলি অখিল গগৈয়ে উল্লেখ কৰি  অসমৰ প্ৰতিখন গাঁও, চহৰ-নগৰ, চৰ অঞ্চলত বিধেয়ক বিৰোধী গোহাৰি বিতৰণ কৰিব বুলি কয়।

নাগৰিকত্ব বিধেয়কৰ কথা উল্লেখ কৰি গগৈয়ে বিধেয়কখনে আটাইতকৈ অসমক বিপদত পেলাব বুলি কয়। মেঘালয়, ছিকিম, মিজোৰাম, অৰুণাচল আদি ৰাজ্য ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱা বাবে তাত হিন্দু বাংলাদেশীয়ে মাটি কিনিব নোৱাৰিব বুলি মন্তব্য কৰি অখিল গগৈয়ে এইবোৰ ৰাজ্য বিধেয়কৰ প্ৰভাৱৰ পৰা বাছি যাব বুলি জনায়।