NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীক অধ্যয়নমুখী কৰি তুলিবলৈ সাঁচতীয়া ধনেৰে পুথিভঁৰাল নিৰ্মাণৰ পদক্ষেপ যুৱ সমাজকৰ্মীৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 14, 2019 6:46 am
IMG-20191013-WA0028

চৰকাৰী অনুদানলৈ বাট নাচাই নিজ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ মানসিকতা গঢ়ি তুলিবলৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এটা পুথিভঁৰাল নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে এজন ২৭ বছৰীয়া যুৱ সমাজকৰ্মীয়ে। নাম তেওঁৰ মাধুৰ্য খঙীয়া।

মাধুৰ্যৰ প্ৰচেষ্টাত দেওবাৰে শিৱসাগৰৰ বকতাত “বকতা জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল” নামেৰে স্থায়ী গৃহৰ লাইখুটা প্ৰতিষ্ঠা কৰা হয়।

লাইখুটা স্থাপন কৰে থাওৰা সমষ্টিৰ বকতা বৰবাম গাঁও পঞ্চায়তৰ সভাপতি মানস বুঢ়াগোঁহাইয়ে ৷ ইয়াৰোপৰি উপস্থিত থাকে জাগৰণ যুৱ সংঘৰ  সদস্য তথা স্থানীয় ৰাইজ।

উল্লেখ্য যে চৰকাৰী অনুদানৰ বাবে আশা পালি বহি নাথাকি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ পৰিৱেশ ৰচনাৰে সুস্থ সামাজিক বাতাবৰণ গঢ়াৰ লক্ষ্য আগত লৈ  নিজৰ সাঁচতীয়া গাঁঠিৰ ধনেৰে বাঁহ-কাঠ তথা টিং পাতেৰে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ দায়িত্ব লৈছে যুৱ সমাজ কৰ্মী মাধুৰ্য খঙীয়াই।

এই সম্পৰ্কত সমাজ কৰ্মীজনে বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়ন তথা খেল-ধেমালিৰ প্ৰতি ধাউতি কমি অহাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়াৰ লগতে বিভিন্ন খেলৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভাৰ বিকাশ কৰিব পৰাকৈ এখনি মঞ্চ দিয়াৰ এক প্ৰচেষ্টাৰেই এই সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে ৷

অনুষ্ঠানটোত সভাপতিত্ব কৰা বকতা বৰবাম পঞ্চায়তৰ সভাপতি মানস বুঢ়াগোঁহাইয়ে চৰকাৰীভাৱে তেওঁ যিদৰে পাৰে সহায়-সহযোগ কৰি প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

তেওঁ লগতে বকতা মৌজাত “জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল”ৰ জড়িত যুৱক-যুৱতী সকলে নৱ প্ৰজন্মৰ বাবে হাতত লোৱা পৰিকল্পনাক প্ৰশংসা কৰে ৷

উল্লেখ্য যে কিশোৰ-কিশোৰীৰ বৌদ্ধিক উত্তৰণৰ বাবে বকতাত এনে পদক্ষেপ গ্ৰহণ কৰা এয়া প্ৰথমটো উদাহৰণ ৷