NORTHEAST NOW (Assamese)
Popular Stories

বি চি চি আইৰ অধ্যক্ষ পদত ‘প্ৰিন্স অৱ কলকাতা’ সৌৰভ গাংগুলী!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2019 11:21 am
sauravganguly

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বেংগল টাইগাৰ ৰূপে খ্যাত সৌৰভ গাংগুলীয়ে হ’ব পাৰে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ক্ৰিকেট ব’ৰ্ড ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ অধ্যক্ষ।

অধ্যক্ষ পদৰ দৌৰত গাংগুলীৰ উপৰি ব্ৰীজেশ পেটেলৰ নামো উচ্চাৰিত হৈ আছে। কিন্তু শেষ মূহুৰ্তত গাংগুলীয়ে বি চি চি আইৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা দেখা দিছে।

ইফালে দেশৰ গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ ব’ৰ্ডৰ সচিব পদত আৰু অৰুণ ধামাল কোষাধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

অৰুণ ধামাল হৈছে কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী তথা বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ অনুৰাগ ঠাকুৰৰ ভাতৃ।

‘গাংগুলী এতিয়া অধ্যক্ষ পদৰ মনোনীত প্ৰাৰ্থী। এই পদৰ বাবে আজি তেওঁ মনোনয়ন দাখিল কৰিব। দেওবাৰে অনুষ্ঠিত বৈঠকতে এই সিদ্ধান্ত লোৱা হৈছে’। গাংগুলীৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতিৰে ইণ্ডিয়ান এক্সপ্ৰেছে এই কথা প্ৰকাশ কৰিছে।

ইয়াৰ বিপৰীতে ব্ৰীজেশ পেটেল ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এলৰ অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে।

আজি মনোনয়ন দাখিলৰ অন্তিম দিন। কিন্তু সকলোবোৰ পদতে বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী সমূহ বিজয়ী হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে তামিলনাডুৰ প্ৰভাৱশালী ব্যক্তি এন শ্ৰীনিবাসনৰ পচন্দৰ প্ৰাৰ্থী ব্ৰীজেশ পেটেল অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ সপোন দেখি আছিল যদিও শাসকীয় দল বিজেপিয়ে ২০২১ চনৰ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সৌৰভ গাংগুলীকে এই দায়িত্ব দিয়াৰ সিদ্ধান্ত লৈছে।

ইফালে সৌৰভ গাংগুলী অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’লে সেয়া আনন্দৰ বিষয় হ’ব বুলি মন্তব্য কৰিছে উত্তৰ-পূবৰ এগৰাকী শীৰ্ষ বিষয়াই।

বৰ্তমান ক্ৰিকেট এছ’চিয়েশ্যন অব বেংগল (চিএবি)ৰ অধ্যক্ষ হিচাপে দায়িত্বত থকা ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক সৌৰভ গাংগুলী যদি বি চি চি আইৰ অধ্যক্ষ নিৰ্বাচিত হয় তেন্তে তেওঁ ২০২০ ছেপ্টেম্বৰলৈ এই পদত অধিষ্ঠিত হৈ থাকিব পাৰিব।