NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় ক্ৰিকেট প্ৰশাসনত বিগত ৩ বছৰ ধৰি চলি থকা ইমাৰ্জেঞ্চি অন্ত পেলোৱাৰ সময় আহিল : সৌৰভ গাংগুলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2019 7:34 pm
Sourav Ganguly

‘‘ভাৰতীয় ক্ৰিকেট প্ৰশাসনত বিগত তিনি বছৰৰ পৰা চলি থকা ইমাৰ্জেঞ্চি অন্ত পেলোৱাৰ সময় আহি পৰিছে। ভাৰতীয় ক্ৰিকেট প্ৰশাসনৰ বিশ্ব ক্ৰিকেটত এক সন্মান আছে যাক অক্ষুণ্ণ ৰখাটো আমাৰ দায়িত্ব,’’ বি চি চি আইৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰি এই মন্তব্য ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সমাগত নিৰ্বাচনৰ বাবে সৌৰভ গাংগুলীয়ে অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰে।

সৌৰভ গাংগুলীৰ উপৰিও কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে সচিব পদৰ বাবে মনোনয়ন দাখিল কৰে। ২৩ অক্টোবৰত বি চি আইৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

সৌৰভ গাংগুলীৰ ক্ৰিকেট এছ’চিয়েশ্যন অব বেংগলত কাম কৰাৰ অভিজ্ঞতা থকাৰ বিপৰীতে জয় শ্বাহৰ গুজৰাট ক্ৰিকেট বোৰ্ডত ৯ বছৰৰো অধিক কাম কৰাৰ অভিজ্ঞতা আছে।

আনহাতে, মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত গাংগুলীয়ে বিগত ৩ বছৰ ধৰি ভাৰতীয় ক্ৰিকেট প্ৰশাসনত ইমাৰ্জেঞ্চি চলি থকা বুলি মন্তব্য কৰে।

ক্ৰিকেট প্ৰশাসনত চলি থকা ইমাৰ্জেঞ্জি নোহোৱা কৰি বি চি চি আইক পূৰ্বৰ দৰে স্থিতাৱস্থাত উপনীত কৰাৰ লক্ষ্যৰে তেওঁ কাম কৰি যাব বুলি গাংগুলীয়ে কয়।

তদুপৰি, গাংগুলীয়ে অধ্যক্ষ পদত উপনীত হ’লে ঘৰুৱা ক্ৰিকেটৰ আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰাত মূল গুৰুত্ব আৰোপ কৰিব বুলি কৈ ঘৰুৱা ক্ৰিকেটক ক্ৰিকেটৰ মূল ভেটি বুলি অভিহিত কৰে।

ক্ৰিকেটৰ আন্তঃগাথনি, ব্যৱস্থা, খেলুৱৈৰ সা-সুবিধা বৃদ্ধি পালেহে দেশত ক্ৰিকেটৰ মান আৰু উচ্চ হ’ব বুলি কৈ গাংগুলীয়ে বৰ্তমানৰ ভাৰতীয় দলটোৱে বিশ্ব শ্ৰেষ্ঠ দলৰ নিচিনাকৈ প্ৰদৰ্শন আগবঢ়াই আহিছে বুলি মন্তব্য কৰে।

আনহাতে, প্ৰশিক্ষক, সহায়কাৰী, দল নিৰ্বাচক, ক্ৰিকেট পৰামৰ্শদাতা সমিতি, নেশ্যনেল ক্ৰিকেট একাডেমী আদিৰ বেতন আদিৰ ক্ষেত্ৰতো নতুনত্ব অনাৰ বাবে কাম কৰিব বুলিও তেওঁ কয়।

আই চি চিৰ ৮০ শতাংশ ধন বি চি চি আইৰ পৰা অহা স্বত্তেও বিগত তিনিবছৰ ধৰি বি চি চি আয়ে লাভ কৰিবলগীয়া ধন আই চি চিৰ পৰা লাভ কৰা নাই বুলি উল্লেখ কৰি গাংগুলীয়ে এই ক্ষেত্ৰতো কৰণীয় আছে বুলি মত ব্যক্ত কৰে।