NORTHEAST NOW (Assamese)
অসম

হাইলাকান্দিৰ সোণাইত গণপ্ৰহাৰৰ সন্মুখীন হোৱা ৯জনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 14, 2019 8:41 pm
Hailakandi Mob attacks case

হাইলাকান্দিৰ সোণাই অঞ্চলত এটা চুৰি ম’হ আনিবলৈ গৈ ভয়ংকৰ গণপ্ৰহাৰৰ সন্মুখীন হোৱা ৯জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন আৰক্ষীৰ লোক।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত ১২ অক্টোবৰত এওঁলোকক গ্ৰেপ্তাৰ কৰা হয় বুলি হাইলাকান্দিৰ আৰক্ষীৰ এটা সূত্ৰই কয়।

ঘটনাটো ঘটিছিল ১১ অক্টোবৰত আৰু আৰক্ষীকে ধৰি আন কেইবাজনো লোক উত্তেজিত জনতাৰ প্ৰহাৰৰ সন্মুখীন হৈছিল।

আৰক্ষী আৰু চি আৰ পি এফৰ দল উপস্থিত হৈ মুঠ ৯জন লোকক উদ্ধাৰ কৰিছিল আৰু তাৰ মাজৰে ৬জন আৰু আন ৩জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাটোত জড়িত আন কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে বিচাৰি ফুৰিছে।

হাইলাকান্দি আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰৰ ভাষ্যৰে একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে, উক্ত দিনা চুৰি ম’হটো বিচাৰি ৯জন লোক (যাৰ মাজত কৰ্তব্যত নথকা আৰু অসামৰিক পোচাকত থকা আৰক্ষী জোৱানজনো আছিল) হাইলাকান্দিৰ ওচৰৰ বজাৰখনলৈ গৈছিল।

তেওঁলোকে ম’হটো দেখি সেইটো হস্তগত কৰিবলৈ লওঁতেই “ম’হ চোৰ”-এ সোপাধৰা আৰু তেওঁৰ ল’ৰাটো ধৰিবলৈ লৈছে বুলি চিঞৰি-বাখৰ লগায়।

ইয়াৰ পিছতে উত্তেজিত লোকে আটাইকেইজনকে গণপ্ৰহাৰ দিয়ে। ম’হৰ মালিক আৰু ড্ৰাইভাৰ এখন দোকানৰ ভিতৰত সোমাই ছাটাৰখন পেলায় দিয়ে।

কিন্তু ৰাইজে চিৱিল ড্ৰেছত থকা আৰক্ষী জোৱান জামিল আহমেদক ধৰি গণপ্ৰহাৰ দিয়ে। নিজৰ আই কাৰ্ড দেখুৱাইছিল যদিও উত্তেজিত লোকে তালৈ কাণসাৰ নকৰিলে।

ইপিনে ঘটনাৰ খবৰ পাই আৰক্ষী আৰু চি আৰ পি এফৰ এটা বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, নয়নমণি বৰ্মন, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দাস।

তেওঁলোকে আৰক্ষী জোৱান জামিল আহমেদক উদ্ধাৰ কৰে। কিন্তু দোকানৰ ভিতৰত থকা দুজনক উদ্ধাৰ কৰিবলৈ যাওঁতেই পুনৰ উত্তেজিত হৈ উঠে লোকসকল। উত্তেজিত, উন্মত্ত এই লোকসকলে আৰক্ষী, চি আৰ পি এফ বাহিনীক লক্ষ্য কৰি শিল, ইটা দলিওৱাৰ ফলত আহত আৰক্ষীৰ ১২জন লোককে ধৰি আন বহুকেইজন লোক। উত্তেজিত জনতাৰ সৈতে খণ্ডযুদ্ধ লগাৰ ফলত গুৰুতৰভাৱে আঘাত পায় ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দাসে। মুঠতে ৫০-৬০জন লোক আহত হয় ঘটনাটোত।

বৰাক বুলেটিনৰ খবৰমতে, এই অভিযানটোৰ কথা থানাত জনোৱা হোৱা নাছিল। আৰক্ষীয়ে এই সন্দৰ্ভত নিজা ববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল। গ্ৰেপ্তাৰ হোৱা কেইজনক ম’হ চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

উত্তেজিত লোকে জামিল আহমেদৰ ব্যক্তিগত আৰটিগা গাড়ীখন জ্বলাই দিয়াৰ উপৰি ডি এছ পিৰ গাড়ীখনো ভাঙি চূড়মাৰ কৰে।

বৰাক বুলেটিনৰ বাতৰিটো মতে, অঞ্চলটোত ল’ৰা ধৰা ওলোৱা বুলি ইতিপূৰ্বে গুজৱ চলি আছিল সাধাৰণ ৰাইজৰ মাজত।