NORTHEAST NOW (Assamese)
Uncategorized

মাৰ্ঘেৰিটাত দিনদুপৰতে ডকাইতৰ উপদ্ৰৱ; ৰাইজৰ উত্তম-মধ্যম

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 15, 2019 10:43 pm

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতং গাঁৱত আজি স্থানীয় ৰাইজে এজন ডকাইতক কৰায়ত্ত কৰি মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়ে।

ধৃত ডকাইতজনক মাকুম বাৰেকুৰি আৰক্ষীৰ থানাৰ অন্তৰ্গত ১নং ন মতাপুং গাঁৱৰ আকাশ গোহাঁই (২৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি মাৰ্ঘেৰিটা মহকুমাৰ বৰডুমচা পৰা সপ্তাহিক কিস্তি লৈ বাইকেৰে আহি থকা অৱস্থাত বন্ধন গোটৰ দল এটাক ৬ জনীয়া ডকাইতৰ দল এটাই আজি সন্ধ্যা কেটেতঙৰ ওচৰৰ বাবু পথাৰ নামৰ ঠাইত আগুচি ধৰে।

ডকাইতৰ দলটোয়ে আকাশ হাজৰিকা নামৰ বন্ধন গোটৰ কৰ্মচাৰীজনক দাৰে আক্ৰমণ কৰাত তেওঁ ভৰি আৰু হাতৰ আঙুলিত আঘা়ত পায়।

স্থানীয় ৰাইজে ঘটনা খবৰ পাই ডকাইতৰ দলটোক খেদি যায় আৰু দলটোৰ এজনক খেদি খেদি ধৰি উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে। ঘটনা সম্পৰ্কত মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।