NORTHEAST NOW (Assamese)
অসম

ফ্ৰী আনলিমিটেদ! জিঅ’তকৈ “ভাল সেৱা” দিবলৈ আহিছে আন এটা কোম্পানি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2019 7:52 pm
Unlimited free: Mobal to take on Jio

ৰিলায়েন্স জিঅ’ই শেহতীয়াকৈ আন টেলিকম অপাৰে’টৰলৈ ফ’ন কলত মাচুল লগোৱাৰ পিছত ভাৰতীয় গ্ৰাহকৰ বাবে আহিছে “আনলিমিটেদ ফ্ৰী” আগবঢ়োৱা আন এক কোম্পানি ম’বাল, নিউজ ক্ৰেবৰ বাতৰি।

বাতৰি মতে, এই ছিমে যিকোনো কোম্পানিৰে ম’বাইল টাৱাৰৰ নে’টৱৰ্ক ব্যৱহাৰ কৰিবলৈ সক্ষম। অৰ্থাৎ তেওঁলোকৰ নিজা টাৱাৰৰ প্ৰয়োজন নাই।

Unlimited free: Mobal to take on Jio
নিউজক্ৰেবৰ বাতৰিটোৰ স্ক্ৰীনশ্বট।

বাতৰিটো মতে, ম’বালে আৰম্ভ কৰিব লগা এই ফ্ৰী ছিমৰ নাম “মবল” আৰু তেওঁলোকে সমগ্ৰ এবছৰটো গ্ৰাহকক ফ্ৰী সেৱা আগবঢ়াব।

জিঅ’তকৈ মবলে “ভাল সেৱা” আগবঢ়াব বুলি কোম্পানিটোৱে দাবী কৰাৰ কথা বাতৰিটোত উল্লেখ কৰা হৈছে।

কোৱা হৈছে, ফ্ৰীৰ ভিতৰত ডেটা আৰু কল দুয়োটা সুবিধাই থাকিব।

ম’বাল বোলা কোম্পানিটোৰ ৱে’বছাইটত দেখা গৈছে, তেওঁলোকে পৃথিৱীৰ ১৯০খন দেশত সক্ৰিয়।