NORTHEAST NOW (Assamese)
Popular Stories

NRCৰ সমন্বয়ক প্ৰতীক হাজেলাক বদলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2019 11:53 am
prateek-hajela-new

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বত থকা প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰা হৈছে। সকলোকে আচৰিত কৰি তোলা এই নিৰ্দেশ আজি দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ এ ববডে আৰু ৰহিনতন নৰিমনৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

১৯৯৫ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া প্ৰতীক হাজেলাক ৭ দিনৰ ভিতৰত বদলি কৰিব লাগিব বুলিও নিৰ্দেশটোত কোৱা হয়।

উল্লেখ্য যে যোৱা ৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছতে বিভিন্ন দল-সংগঠনৰ লগতে একাংশ লোক অসন্তুষ্ট হৈ পৰিছিল। চূড়ান্ত এন আৰ চিৰ পৰা ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম বাদ পৰিছিল।

সেয়ে বিভিন্ন জনে ছ’চিয়েল মিডিয়াতে হওক বা অন্য মাধ্যমতে হওক হাজেলাক উদ্দেশ্যি বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছিল। যাৰ ফলত হাজেলাৰ জীৱনৰ প্ৰতি ভাবুকি নামি অহাৰ শংকা প্ৰকাশ কৰি আজি উচ্চতম ন্যয়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে।

ইফালে চূড়ান্ত এন আৰ চিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰাৰ লগতে পুনৰ ১০০ শতাংশ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত অসম পাব্লিক ৱৰ্কছে আবেদন জনাইছিল।

২০১৩ চনৰ ছেপ্তেম্বৰৰ পৰা তেওঁ অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ক হিচাপে কাৰ্যনিবাহ কৰি আছিল।