NORTHEAST NOW (Assamese)
অসম

কাছাৰত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2019 8:59 am

কাছাৰৰ চাতলা হাৱাৰত সংঘটিত হৈছে মাতৃ কন্যাৰ লোমহৰ্ষক হত্যাকাণ্ড। শনিবাৰে অৰ্থাৎ ১৯ অক্টোবৰত চাতলা হাৱাৰ নদীৰ পাৰত মাতৃ-কন্যাৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহ দুটা মীৰা ৰি আৰু তেওঁৰ কন্যা সংগীতা ৰিৰ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহ দুটাৰ গাত স্পষ্ট ৰূপত আঘাতৰ চিন দেখিবলৈ পোৱা যায়।

স্থানীয় ৰাইজে মৃতদেহ দুটা প্ৰত্যক্ষ কৰি আৰক্ষীক এই বিষয়ত অৱগত কৰে। ফলত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত স্থানীয় অখিল দাস নামৰ এজন ব্যক্তি জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। স্নিফাৰ ডগৰ সহায়ত চলোৱা প্ৰাৰম্ভিক তদন্তৰ পিছত আৰক্ষীয়ে এই সন্দেহ কৰিছে।

মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰতে অৱস্থিত অখিল দাসৰ ঘৰত আৰক্ষীয়ে তালাচী চলায়। কিন্তু অখিল দাস সম্প্ৰতি পলাতক অৱস্থাত থকাৰ বাবে আৰক্ষীয়ে অখিলক বিচাৰি নাপায়।

আৰক্ষীয়ে অখিল দাসৰ ঘৰৰ উদ্ধাৰ কৰিছে তেজ লগা কাপোৰকে ধৰি কিছু তথ্য। বৰ্তমান আৰক্ষীয়ে অখিলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।