NORTHEAST NOW (Assamese)
অসম

Heatwave গ্ৰীষ্মই দহিছে ব্ৰিটেইনক,১৩ জনৰ মৃত্যু,গৰমত গলি গৈছে ৰে’লৰ ছিগনেল, ভাইৰেল ছবি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 21, 2022 5:44 pm

মানুহৰ ওপৰত যেন প্ৰকৃতিৰ খং উঠিছে। ব্ৰিটেইন, পৰ্তুগাল, স্পেইন, ফ্ৰান্স, গ্ৰীচ আৰু ক্ৰোৱেছিয়াৰ দৰে দেশত এতিয়া গ্ৰাষ্ম প্ৰবাহৰ তাণ্ডৱ চলিছে।

শীতল ঠাই হিচাবে পৰিচিত ব্ৰিটেইনত এতিয়া তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছ হৈছে। এতিয়ালৈকে গৰমৰ বাবেই ব্ৰিটেইনত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কেইখনমান ছবিত অত্যধিক গৰমৰ বাবেই ৰে’লৰ ছিগনেল গলি যোৱা দেখা গৈছে।গৰমৰ বাবেই ব্ৰিটেইনত চলন্ত অৱস্থাতে কেইবা খনো ৰে’লত জুয়ো লাগিছে।

শেহতীয়াকৈ ব্ৰিটেইনৰ নেচনেল ৰে’লৱেই ৰে’লৰ ছিগনেল গলি যোৱাৰ কেইবাখনো ছবি ৰাজহুৱা কৰিছে।

অহা ৪৮ ঘণ্টাত তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ এনে ভয়াৱহ পৰিণাম দেখি এতিয়া সকলোৱে স্তম্ভিত হৈ পৰিছে।

উল্লেখ্য ব্ৰিটেইনত শীতৰ প্ৰকোপ বেছি বাবেই মানুহে এয়াৰ কণ্ডিছনাৰ আদি খুব কমেইহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰৰ গৰমে দেশ খনৰ মানুহক এয়াৰ কণ্ডিছনাৰৰ সহায় ল’বলৈ বাধ্য কৰোৱাইছে।