NORTHEAST NOW (Assamese)
অসম

দিৱালীত সমগ্ৰ অসমত জাৰি বিশেষ নিৰ্দেশনা, কেন্দ্ৰীয় মন্ত্ৰীয়েও জনাইছে আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2019 11:29 pm
Keep this in mind while bursting crackers this Diwali

সাৱধান! আগন্তুক দিৱালীত সন্ধিয়া ৮ৰ পৰা ১০ বজালৈকেহে ফটকা আদি ফুটাব পাৰিব। তাৰোপৰি এই সামগ্ৰীসমূহৰ বিক্ৰেতাৰ বাবেও আছে বিশেষ নিৰ্দেশনা।

খবৰ মতে, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দ, অসমে ৰাজ্যৰ সকলো জিলা উপায়ুক্তলৈকে আগন্তুক দিৱালীত ল’বলগীয়া বিশেষ পদক্ষেপসমূহৰ নিৰ্দেশনা জাৰি কৰিছে।

২০১৮ চনৰ পৰা বলবৎ থকা ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ আধাৰত এই নিৰ্দেশ জাৰি কৰা হৈছে।

পোহৰৰ উৎসৱ দিপাৱলী আনন্দৰ উদযাপন যদিও, বৃহৎ পৰিমাণে ফটকাজাতীয় সামগ্ৰীসমূহৰ জ্বলোৱাৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বায়ু আৰু শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে এই পদক্ষেপ লৈ অহা হৈছে।

দিৱালীত চাকি জ্বলোৱাৰ ফলত একো অসুবিধা নহয়, যদিও ফটকাৰ ৰয়াসনিক আৰু শব্দৰ ফলত বহু লোকে উশাহ লোৱাত কষ্ট পোৱাৰ দৰে মেডিকেল ইমাৰ্জেন্সিৰ ঘটনাও ঘটা দেখা যায়।

ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভাদেকাৰেও দিৱালীত ফটকা ফুটোৱাৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছে।

অগত্যা ফটকা জ্বলালেও গ্ৰীন ক্ৰেকাৰহে জ্বলাবলৈ মন্ত্ৰীজনে অনুৰোধ কৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দে দিৱালীৰ আগতে ২১ অক্তোবৰত গুৱাহাটী, ডিব্ৰুগড়, নগাওঁ, শিৱসাগৰ, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱত বায়ুৰ গুণাগুণ পৰীক্ষা কৰিব।

২৭ অক্তোবৰত দিৱালীৰ দিনাও জিলাকেইখনত বায়ু পৰীক্ষা কৰা হ’ব। ৰাজহুৱা অভিযোগ লাভ কৰিলে সেয়া নিষ্পত্তিৰ বাবেও বিভাগীয় দল সাজু থাকিব বুলি জানিব পৰা গৈছে।

তাৰোপৰি ফটকা বিক্ৰেতা আৰু জমা কৰোঁতাসকলৰ নিৰীক্ষণৰ বাবে দণ্ডাধীশ পৰ্য্যায়ৰ বিষয়াৰ নেতৃত্বত নিৰীক্ষক দল সাজু থাকিব।

বিক্ৰী কৰা স্থানৰ পৰা ন্যূনতম ৪মিটাৰ দূৰৰ ভিতৰত ১২৫ দেচিবেলতকৈ অধিক শব্দ প্ৰাবল্যৰ ফটকা ফুটোৱা নিষিদ্ধ কৰা হৈছে।

জনসুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে, কিন্তু কিমান দূৰ কাৰ্য্যকৰী হয় সেয়া লক্ষণীয় হ’ব।