NORTHEAST NOW (Assamese)
Popular Stories

ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰিলে হিটমেন ৰোহিত শৰ্মাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2019 10:59 am

ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই দেওবাৰে এক বিৰল অভিলেখৰ অধিকাৰী হয়। তেওঁ প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ টেষ্ট ক্ৰিকেটত ঘৰুৱা মাটিত সৰ্বাধিক গড় ৰানৰ অভিলেখ ভংগ কৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্ট মেচৰ দ্বিতীয় দিনা শৰ্মাই এই অভিলেখ গঢ়ে।

দেওবাৰে ভাৰতীয় দলৰ সোঁহতীয়া বেটছমেন গৰাকীয়ে টেষ্ট ক্ৰিকেটত তেওঁৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰাৰ পিছতে তেওঁৰ গড় ৰান ৯৯.৮৪ লৈ উন্নীত হয়। ডন ব্ৰেডমেনৰ ঘৰুৱা মাটিত গড় ৰান আছিল ৯৮.২২।

আনহাতে, ইয়াৰ পূৰ্বে যোৱা শনিবাৰে ৰোহিতে ৱেষ্ট ইণ্ডিজৰ বেটছমেন ছিমৰণ হেটমিয়েৰৰ দ্বিপাক্ষিক টেষ্ট ছিৰিজত সৰ্বাধিক সংখ্যক অভাৰ বাউণ্ডেৰি মৰাৰ অভিলেখ ভংগ কৰিছিল।

ৱেষ্ট ইণ্ডিজৰ বেটছমেন গৰাকীয়ে ২০১৮-১৯ চনত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ছিৰিজত ১৫ টা অভাৰ বাউণ্ডেৰি মাৰিছিল।

উল্লেখযোগ্য যে কালি ভাৰতীয় দলৰ বেগী ব’লাৰ উমেশ যাদৱে বেট ধৰিবলৈ আহিয়েই মুখামুখি হোৱা প্ৰথম দুটা বলত দুটা ছিক্স কোবাই এক বিৰল অভিলেখ স্পৰ্শ কৰে।