NORTHEAST NOW (Assamese)
অসম

২৭০ কোটি টকীয়া জলসিঞ্চন কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ইনামূল হক লস্কৰক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 21, 2019 10:45 pm
Enamul-Haque-Laskar-

বহু কোটি টকীয়া জলসিঞ্চন বিভাগৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বিতৰ্কিত প্ৰাক্তন কংগ্ৰেছী বিধায়ক ইনামূল হক লস্কৰক অপৰাধ অনুসন্ধান বিভাগে ২১ অক্টোবৰত গুৱাহাটীত গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে, অসমত কংগ্ৰেছৰ শাসন কালত ২০০৬-২০১১ চনৰ ভিতৰত সংঘটিত হোৱা ২৭০ কোটি টকাৰ বিত্তীয় খেলিমেলিৰ জলসিঞ্চল কেলেংকাৰীত প্ৰাক্তন বিধায়ক লস্কৰ জড়িত হৈ থকা বুলি অভিযোগ উত্থাপিত হৈছিল।

জলসিঞ্চন বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ২০০৯ চনত বিশেষ সেৱা বিষয়া হিচাপে লস্কৰক বিভাগটোত নিযুক্তি দিয়া হৈছিল।

আনহাতে, ২০১২ চনৰ ২৬ নৱেম্বৰত জলসিঞ্চন বিভাগৰ মাথুৰ চন্দ্ৰ নাথ নামৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কাৰীয়ে আত্মহত্যা কৰিছিল।

২২ পৃষ্ঠাৰ চুইচাইড নোটত কৰ্মচাৰী গৰাকীয়ে তেওঁক বিধায়ক লস্কৰে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত খৰছ কৰাৰ বাবে বিভাগটোৰ ঠিকাদাৰ সকলৰ পৰা বৃহৎ পৰিমাণত ধন সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিছিল বুলি অভিযোগ উত্থাপন কৰি গৈছিল।

একেটা কেলেংকাৰীৰ গোচৰত পূৰ্বতে পুতুল ভাগৱতী, ধীৰেণ ডেকা, ত্ৰৈলক্য মোহন কলিতা আৰু ৰিতুপৰ্ণা বৰা নামৰ ব্যক্তি কেইগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।