NORTHEAST NOW (Assamese)
অসম

পুনৰ এবাৰ ভাৰতীয় দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে ৰবিন উথাপ্পাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 4:10 pm

ভাৰতীয় ক্ৰিকেটৰ অভিজ্ঞ ক্ৰিকেটাৰ ৰবিন উথাপ্পাই ভাৰতীয় দলৰ হৈ পুনৰ এবাৰ খেলাৰ যি সপোন সেয়া সজীৱ হৈ আছে বুলি উল্লেখ কৰিছে।

এই সন্দৰ্ভত তেওঁ কয় যে যদিহে আই পি এলৰ আগন্তুক ছিজনত ভাল প্ৰদৰ্শন কৰিব পাৰো তেন্তে ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ পাব পাৰো।

উথাপ্পাই শেষবাৰৰ বাবে ভাৰতীয় দলৰ হৈ ২০১৫ বৰ্ষত জিম্বাবেৰ বিৰুদ্ধে  খেলিছিল।

২০২০ বৰ্ষৰ আই পি এলত উথাপ্পাই ৰাজস্থান ৰয়েলছৰ হৈ খেলিব।

আক্ৰমক বেটছমেন উথাপ্পাই কয়, ‍‘মই সদায় পজিটিভ থাকো আৰু নিগেটিভ সময়তো মই আশাৰ পোহৰ দেখো। মই ভাবো ভগৱানৰ ইচ্ছাত পুনৰ এবাৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব পাৰিম’।

তেওঁ লগতে কয়, ‍‘যিসকল খেলুৱৈয়ে প্ৰতিযোগিতামূলক ক্ৰিকেট খেলে সেই সকলোবোৰ ক্ৰিকেটাৰেই নিজৰ দেশৰ হৈ খেলিব ইচ্ছা কৰে। সেয়ে মই এতিয়াও সপোন পুহি ৰাখিছো’।

উল্লেখ্য যে ২০০৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটিছিল ৰবিন উথাপ্পাৰ। ভাৰতৰ হৈ তেওঁ ৪৬ খন এদিনীয়া আৰু ১৩ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

আই পি এলত তেওঁ ১৭৭ খন মেচত অংশ লৈ ৪ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে।