NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰৰ নামতিত মোনাত ভৰাই থোৱা অৱস্থাত নৱজাতক উদ্ধাৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 23, 2019 7:16 pm

শিৱসাগৰ জিলাৰ নামতি গনক গাঁৱত মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হেৱা এটা নৱজাত শিশুকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

পুৱতি নিশা গনক গাঁৱৰ নামঘৰৰ সমীপৰ পথৰ কাষৰ হাবিৰ মাজত কোনোৱাই পেলাই থৈ গৈছিল মোনাটো। পুৱা নামঘৰৰ কাষত কেচুৱাৰ কন্দাৰ মাত শুনি ওচৰ চুবুৰীয়াই নৱজাতকটি উদ্ধাৰ কৰে।

ইয়াৰ পিছতে শিশুটিক কালুগাঁও স্বাস্থ্য কেন্দ্ৰলৈ আনি প্ৰাথমিক চিকিৎসা কৰোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : শিলচৰত ৰে’ল লাইনৰ দাঁতিত সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ শিশু ICUত ভৰ্তি হৈ থকা নৱজাতকটিক কেইবাজনো চিকিৎসকে চোৱা-চিতা কৰি আছে। চিকিৎসকে জনোৱা মতে নৱজাতকটি এটি পুত্ৰ সন্তান আৰু জন্মৰ পিছতেই শিশুটিক পেলাই থৈ যোৱা হৈছে।

কোনে, কি কাৰণত শিশুটিক এইদৰে পেলাই থৈ গ’ল সেই কথা বাতৰি লিখা পৰ্যন্ত জানিব পৰা হোৱা নাই।