NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ শান্তিপুৰত নাহৰফুটুকী পিঞ্জৰাবদ্ধ; চিৰিয়াখানাত মুকলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 6:57 pm

মহানগৰীৰ শান্তিপুৰত আজি বন বিভাগৰ পিঞ্জৰাত এটা প্ৰকাণ্ড নাহৰফুটুকী আবদ্ধ হয়।

বন বিভাগৰ বিষয়াই জনোৱা অনুসৰি আজি পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোৱে শান্তিপুৰ অঞ্চলটোত বিগত কেইবাদিনো ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল।

অঞ্চলটোত নাহৰফুটুকীটোৱে বহু সংখ্যক কুকুৰ, মেকুৰী, ছাগলী ধৰি নিধন কৰিছিল। বন বিভাগৰ বিষয়াই পিঞ্জৰা স্থাপন কৰাৰ পূৰ্বে অঞ্চলটোত চি চি টি ভিত আবদ্ধ ফুটেজত নাহৰফুটুকীটোৰ ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰিছিল।

পিছত সেই অনুসৰি অঞ্চলটোত পিঞ্জৰা স্থাপন কৰে আৰু অৱশেষত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

বন বিভাগে নাহৰফুটুকীটো অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে। আৰু পশু চিকিৎসকে নাহৰফুটুকীটো পৰীক্ষা কৰি মুকলি কৰে।

ইফালে মহানগৰীৰ শান্তিপুৰৰ ৰাইজে দীৰ্ঘদিনে অঞ্চলটোত সন্ত্ৰাস চলাই থকা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে।