NORTHEAST NOW (Assamese)
অসম

জনীয়াৰ উপ নিৰ্বাচনৰ ফলাফল : এ আই য়ু ডি এফৰ হাফিজ ৰফিকুল ইছলাম বিজয়ী

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস October 24, 2019 3:51 pm
Jania Constituency

জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত এ আই য়ু ডি এফৰ প্রার্থী হাফিজ ৰফিকুল ইছলাম বিজয়ী হৈছে ৷

হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক প্ৰায় ৩৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলা ভোট গণনা অনুসৰি  এ আই য়ু ডি এফৰ হাফিজ ৰফিকুল ইছলামে লাভ কৰে ৮১,৮৯৮ টা ভোট ৷

কংগ্ৰেছৰ ছামচুল হকে মাথোঁ ৪৬, ৭৬৯ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় ৷

আনহাত, বিজেপিৰ তৌফিকুৰ ৰহমানে লাভ কৰে ১৫,১১৩ টা ভোট ৷

আনুষ্ঠানিকভাবে ফলাফল এতিয়াও ঘোষণা কৰা নাই যদিও হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছৰ ছামচুল হকক ৩৫,১২৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জনীয়াৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে ৷

এই ফলাফলৰ বাবে এ আই য়ু ডি এফৰ কৰ্মীসকল যথেষ্ট আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে ৷