NORTHEAST NOW (Assamese)
অসম

পত্নীৰ গাত জুই লগাবলৈ গৈ প্ৰাণ গ’ল পতিৰ; পশ্চিম কাৰ্বি আংলঙত চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 24, 2019 2:19 pm
পত্নীৰ গাত জুই লগাবলৈ গৈ প্ৰাণ গ’ল পতিৰ; পশ্চিম কাৰ্বি আংলঙত চাঞ্চল্য

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত তামোলবাৰীত বুধবাৰে নিশা এজন লোকে পত্নীৰ গাত জুই লগাবলৈ গৈ নিজেই মৃত্যুক আকোঁৱালি লব লগা হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত বাবুল দাস চৌদি নামৰ লোকজনে নিজৰ পত্নী সীমা দাসৰ সৈতে কোনো কথাত কাজিয়াত লিপ্ত হৈ পত্নীৰ গাত কেৰাচিন ঢালি জুই জ্বলাই দিছিল।

কিন্তু পত্নীৰ গাৰ পৰা জুই সম্প্ৰসাৰিত হৈ হঠাৎ বাবুলৰ গাত লগাত জুই নুমুৱাবলৈ তেওঁ ঘৰৰ কাষত থকা এটা পুখুৰীত জাপ দিয়াত লোকজনৰ সলিল সমাধি ঘটে বুলি স্থানীয় সূত্ৰত প্ৰকাশ।

আনহাতে স্থানীয় লোকে অৰ্ধদগ্ধ অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰথমে নগাঁৱলৈ প্ৰেৰণ কৰে। কিন্তু তেওঁৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান অগ্নিদগ্ধ মহিলা গৰাকী গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যুৰ লগত যুঁজি আছে।